প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈৰ পৰা তিনি দিনীয়া ভ্ৰণসূচীৰে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব। এই ভ্রমণকালত প্রধানমন্ত্ৰীয়ে ৱাশ্বিংটনৰ ডেলাৱেৰত কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলৰ চতুৰ্থ শীৰ্ষ সন্মিলনত ভাগ ল’ব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বায়ডেনে এই সন্মিলনৰ আয়োজন কৰিছে। পৰৱৰ্তী কোৱাড সন্মিলন ভাৰতে আয়োজন কৰিব। প্রধানমন্ত্রী মোদীয়ে ২২ ছেপ্তেম্বৰত নিউয়কত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিব। শ্রী মোদীয়ে ২৩ ছেপ্তেম্বৰত নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ছামিট অব দ্য ফিউচাৰ শীৰ্ষক সন্মিলনক সম্বোধন কৰিব। এই সন্মিলনৰ মূল বিষয়বস্তু হৈছে উন্নত ভৱিষ্যতৰ বাবে বহুপাক্ষিক সমাধান। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভালেসংখ্যক নেতাই এই সন্মিলনত অংশগ্ৰহণ কৰিব। সন্মিলনত ভাগ লোৱাৰ সুযোগতে প্রধানমন্ত্রী মোদীয়ে বিভিন্ন দেশৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব আৰু পাৰস্পৰিক স্বার্থজড়িত ভিন ভিন বিষয় লৈ আলোচনা কৰিব । এই ভ্ৰমণকালত প্রধানমন্ত্রী মোদীয়ে লগতে কৃত্রিম বুদ্ধিমত্তা, কোৱান্টাম কম্পিউটিং, অৰ্দ্ধপৰিবাহী আৰু জৈৱ প্রযুক্তি আদি ক্ষেত্ৰত উভয় দেশৰ মাজত সহযোগিতা অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আগশাৰীৰ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতেও মত বিনিময় কৰিব।
Site Admin | September 20, 2024 6:04 PM | PM Visit America