September 17, 2024 7:56 PM | PMAY House Allotment

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি  অসমৰ ১,০৩,৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি অসমৰ ১ লাখ ৩ হাজাৰ ৫৭৫ টা প্ৰধানমন্ত্রী আবাস যোজনাৰ নৱনিৰ্মিত গৃহত প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত হয়। ইয়াৰ অংশ হিচাপে মন্ত্রী বিমল বৰাই আজি টিংখাং সমষ্টিৰ ৰাজগড় গাঁও পঞ্চায়তত নৱনিৰ্মিত গৃহপ্ৰৱেশ অনুষ্ঠানত উপস্থিত থাকে। একেদৰে মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰ উন্নয়ন খণ্ড আৰু পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ হিতাধিকাৰীসকলক বাসগৃহ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। এই আঁচনিৰ দ্বাৰা দুয়োটা উন্নয়ন খণ্ডত ৪৮২ টা পৰিয়াল উপকৃত হ’ব। ইফালে, এই আঁচনিৰ দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত এক লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন দিয়া হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ‍ কুমাৰ দাসে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যত উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাইছে। উল্লেখযোগ্য যে অসমত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পৰ্যন্ত ১৯ লাখ ১৮ হাজাৰ ৭৮৭টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক