প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা উপহাৰসমূহৰ ই-নিলাম আজিৰ পৰা আৰম্ভ হ’ব। কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে জনসাধাৰণক ই-নিলামত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় কয় যে ই নমামি গংগা পুঁজিলৈ বৰঙণি আগবঢ়াই এটা মহান উদ্দেশ্য সাধন কৰিব। তেওঁ কয় যে এয়া হ’ল এই নিলামৰ ষষ্ঠ সংস্কৰণ। ২০১৯ চনত প্ৰথমবাৰৰ বাবে এই নিলাম অনুষ্ঠিত হৈছিল। আজিৰ পৰা জনসাধাৰণে নিজৰ প্ৰিয় স্মাৰকৰ বাবে নিবিদা জমা কৰিব পাৰিব। অনলাইন নিলামৰ প্ৰক্ৰিয়া ২ অক্টোবৰলৈকে চলিব। আগ্রহী লোকসকলে https://pmmementos.gov.in ৱেবছাইটৰ জৰিয়তে এই প্ৰক্ৰিয়াত পঞ্জীয়ন আৰু অংশগ্ৰহণ কৰিব পাৰিব। শ্রীশ্বেখাৱাটে কয় যে এই বছৰ প্ৰায় ছশটা স্মাৰক নিলামৰ বাবে প্ৰদৰ্শন কৰা হৈছে। ইয়াত বচা বচা শিল্পকর্ম, নিখুঁতভাৱে নির্মিত মন্দিৰৰ আৰ্হি, হিন্দু দেৱতাৰ মূৰ্তি, পেৰালিম্পিয়ানসকলৰ জোতা আদি অন্তৰ্ভুক্ত কৰা হৈছে। আজিৰ পৰা ২ অক্টোবৰলৈকে দেশত সেৱা পখোৱাৰা উদযাপন কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই উপলক্ষে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে কলা কর্ম, জন শক্তি প্রদর্শনী আৰু বিষয়ভিত্তিক কলা কৰ্মশালাৰ দৰে কাৰ্যসূচীৰ আয়োজন কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Site Admin | September 17, 2024 11:58 AM | PM Mementos e-Auction