ডাউনলোড
মোবাইল এপ

android apple
signal

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মুকলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচীত ভার্চুৱেল ব্যৱস্থাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণৰ হিতাধিকাৰীসকললৈ প্ৰথম কিস্তিৰ ধন মোকলাই দিয়ে। হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ ৩২ কোটি টকা ডিজিটেল ব্যৱস্থাৰে হস্তান্তৰিক কৰা হয়। ইয়াৰ উপৰি ৩২ হাজাৰ বাসগৃহৰ আৱণ্টনপত্ৰ বিতৰণ কৰা হয়। হিতাধিকাৰীসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ৪৬ হাজাৰ বাসগৃহৰ গৃহ প্ৰৱেশ অনুষ্ঠানো সম্পন্ন কৰা হয়। জনসাধাৰণক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, পৰৱৰ্তী ৫ বছৰত ২ কোটি অতিৰিক্ত বাসগৃহ নিৰ্মাণ কৰা হব। তেওঁ কয় যে, দেশৰ জনজাতীয়, বঞ্চিত, নিপিড়ীত, দলিত, দিব্যাংগ আৰু মহিলাসকলক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাই সংশ্লিষ্ট এলেকাসমূহৰ কাম-কাজ ত্বৰান্বিত কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে জামছেদপুৰৰ গোপাল ময়দানত আয়োজিত এখন জনসভাত অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক