প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা ৰাঁচী বিমান বন্দৰৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাঁচী বিমান বন্দৰৰ পৰা ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে ৬ খন বন্দে ভাৰত ৰেলগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। পূৰ্বতে জামছেদপুৰৰ পৰা এই বন্দে ভাৰত ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ কথা আছিল যদিও ধাৰাষাৰ বৰষুণৰ বাবে প্রধানমন্ত্ৰী জামছেদপুৰত উপস্থিত হ’ব নোৱাৰাত ৰাঁচীৰ পৰাই ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰীমোদী জামছেদপুৰলৈ ৰাওনা হোৱাৰ উদ্দেশ্যে পুৱাৰ ভাগত ৰাঁচী বিমানবন্দৰত উপস্থিত হয় যদিও প্ৰতিকূল বতৰ আৰু দৃশ্যমানতা হ্ৰাস পোৱাৰ বাবে যাত্রা বাতিল কৰিবলগীয়া হয়। প্রধানমন্ত্ৰীয়ে লগতে ৬৬০ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ঝাৰখণ্ডৰ কেইবাটাও ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে জনসাধাৰণক সম্বোধন কৰি প্ৰধানমন্ত্রী মোদীয়ে কয় যে, বন্দে ভাৰত ৰেলগাড়ীসমূহৰ চলাচলে ঝাৰখণ্ড আৰু চুবুৰীয়া ৰাজ্যসমূহকে ধৰি পূৱ ভাৰতৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক গতিবিধি ত্বৰান্বিত কৰিব। এই ৰেলগাড়ীসমূহে পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰতো সহায় কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক