September 4, 2024 6:07 PM | Indo-Brunei | PM Modi

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্রুনেইৰ চুলতান হাজি হাছানাল বোন্ধিয়াৰে দ্বিপাক্ষিক বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্রুনেইৰ বন্দৰ ছেৰী বেগৱানত দেশখনৰ চুলতান হাজি হাছানাল বোন্ধিয়াৰ সৈতে আলোচনাত মিলিত অংশগ্রহণ কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্রধানমন্ত্রীয়ে কয় যে, চুলতান হাজি হাছানাল বোন্ধিয়াক সাক্ষাৎ কৰি তেওঁ আনন্দ অনুভৱ কৰিছে। তেওঁলোকৰ বৈঠকত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰাৰ ব্যৱস্থাকে ধৰি ভালেমান বিষয়ে স্থান লাভ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। ভাৰত আৰু ব্রুনেইৰ মাজত বাণিজ্যিক সম্পৰ্কৰ লগতে জনসাধাৰণৰ মাজৰ আদান-প্ৰদানৰ ব্যৱস্থা অধিক সম্প্ৰসাৰিত হ’ব বুলিও তেওঁ লগতে প্ৰকাশ কৰে। উভয় দেশৰ মাজৰ সম্পৰ্কৰ লগতে এক্ট-ইষ্ট নীতিক অধিক কার্যকৰী কৰাৰ হকে গঠনমূলক আলোচনাত ভাগ লোৱাৰ লগতে প্ৰতিৰক্ষা, বাণিজ্য আৰু বিনিয়োগ, শক্তি, মহাকাশ প্রযুক্তি আদি বিভিন্ন দিশ সামৰি দ্বিপাক্ষিক বিষয়ক লৈ দুয়োগৰাকী নেতাই মত বিনিময় কৰে। তদুপৰি পৰস্পৰৰ স্বাৰ্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিভিন্ন বিষয়ক লৈও তেওঁলোকে আলোচনা কৰে। প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন্তব্যত, ব্রুনেইক ভাৰতৰ এক্ট-ইষ্ট নীতিৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীক উভয় দেশৰ উজ্বল ভৱিষ্যতৰ নিশ্চিতি হিচাপে আখ্যা দিয়ে। প্রধানমন্ত্ৰী হিচাপে নিজৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিত ব্রুনেই ভ্ৰমণ কৰিবলৈ পোৱাটো তেওঁৰ বাবে এটা সুযোগ বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে । উল্লেখযোগ্য যে এই আলোচনাৰ সময়ত দুয়োগৰাকী নেতাৰ উপস্থিতিত উভয় দেশৰ মাজত ভালেমান বিষয়ক লৈ এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। বৈদেশিক মন্ত্রী ড০ এছ জয়শংকৰ আৰু ব্রুনেইৰ পৰিবহণ মন্ত্ৰী পেংগিৰান ডাট’ শ্বামহাৰি ডাট’ মুস্তাফাই এই চুক্তিত স্বাক্ষৰ কৰে। উভয় পক্ষৰ এই আলোচনাৰ পাছত এটা যুটীয়া বিবৃতি প্ৰকাশ কৰা হয়। আনহাতে ব্রুনেইৰ চুলতানে প্রধানমন্ত্রী মোদীৰ সন্মানার্থে আজি দুপৰীয়া এখন চৰকাৰী ভোজমেলৰ আয়োজন কৰে। এই ভোজমেলত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ব্রুনেইৰ মাজৰ সম্পৰ্কৰ ৪০ বছৰ পূৰ হোৱাৰ সময়তে উভয় পক্ষই পাৰস্পৰিক সহযোগিতাক অধিক মাত্রা প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে দুই দেশীয় ভ্রমণসূচীৰ প্ৰথম পৰ্যায়ৰ সামৰণি মাৰি দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰীগৰাকী আজি ছিংগাপুৰ অভিমুখে ৰাওনা হয়। দেশখনৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱঙৰ আমন্ত্ৰণক্ৰমে তেওঁ ছিংগাপুৰ ভ্ৰমণলৈ গৈছে।

অধিক পঢ়ক

সকলো চাওক