ডাউনলোড
মোবাইল এপ

android apple
signal

August 23, 2024 11:26 AM | PM Poland Visit

printer

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঐতিহাসিক পোলেণ্ড ভ্রমণৰ সফল সামৰণি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পোলেণ্ডৰ প্রধানমন্ত্রী ডনাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাৰ সৈতে হোৱা বৈঠকেৰে ঐতিহাসিক পোলেণ্ড ভ্রমণ সামৰিছে। প্রধানমন্ত্রী মোদীয়ে কয় যে, ৪৫ বছৰৰ পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে পোলেণ্ড ভ্ৰমণ কৰাৰ পৰিপ্ৰেক্ষিতত এই দিনটোৱে দুয়োখন দেশৰ সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰিছে। তেওঁ লগতে পোলেণ্ডক ভাৰতৰ গুৰুত্বপূৰ্ণ বন্ধু বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যম যোগে কৈছে যে, এই ভ্রমণে পোলেণ্ডৰ সৈতে সহযোগিতা সুদৃঢ় কৰাৰ সুযোগ প্ৰদান কৰিছে। দেশ দুখনৰ মাজৰ বন্ধুত্বই এখন উন্নত পৃথিৱী গঢ়াত অৰিহণা যোগাব বুলি তেওঁ মন্তব্য কৰে। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, প্রধানমন্ত্ৰী মোদীৰ পোলেণ্ড ভ্রমণে দ্বিপাক্ষিক সম্পর্কত এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিলে। বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধিৰ জয়ছোৱালে কৈছে যে, চাৰি দশকৰ পাছৰ প্ৰধানমন্ত্ৰী পৰ্যায়ৰ এই ভ্রমণে ভাৰত আৰু পোলেণ্ডৰ মাজৰ সম্বন্ধ অধিক গভীৰ কৰি তুলিলে। পোলেণ্ডৰ প্ৰধানমন্ত্ৰী ডনাল্ড টাক্সৰ সৈতে হোৱা আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী মোদীয়ে কয় যে, ইয়াৰ পূৰ্বে ১৯৭৯ চনত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্রী পোলেণ্ডলৈ গৈছিল । আনহাতে শ্ৰী টাক্সে দেশ দুখনৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ সংখ্যক বাৰ্ষিকীৰ প্ৰাক ক্ষণত প্রধানমন্ত্রী মোদীক অভ্যর্থনা জনাবলৈ পাই নিজকে ধন্য মানিছে। শ্ৰী মোদীয়ে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত পোলেণ্ডৰ কোম্পানীসমূহক বিশ্ববাসীৰ বাবে সামগ্রী উৎপাদন কৰিবলৈ ভাৰতৰ মেক ইন ইণ্ডিয়া অভিযানত যোগ দিয়াৰ বাবে আহ্বান জনায়। আলোচনাৰ অন্তত ভাৰত আৰু পোলেণ্ডে উভয় দেশৰ মাজৰ সম্পর্ক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদী আৰু পোলেণ্ডৰ ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাই খাদ্য প্ৰ-সংস্কৰণ, কৃত্রিম বুদ্ধিমত্তা, শক্তি আৰু আন্তঃগাঁথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত দুয়ো দেশৰ মাজৰ সহযোগিতা সুদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। প্রধানমন্ত্রীয়ে এই ভ্রমণকালত প্ৰফেছাৰ মাৰিয়া ক্রিষ্টোফাৰ বায়স্কী, প্ৰফেছাৰ মনিকা ব্রোৱাৰ্জিক আৰু প্ৰফেছাৰ প্ৰেজেমিস্লাৱ মিচলাৱ স্যুৰেক সহ ভাৰতৰ ইতিহাস, সাহিত্য আৰু দৰ্শনৰ অধ্যয়ন কৰা পোলেণ্ডৰ বিশিষ্ট ব্যক্তিসকলক সাক্ষাৎ কৰে। তেওঁ একাংশ আগশাৰীৰ ব্যৱসায়ীৰ সৈতেও মত বিনিময় কৰে ।

অধিক পঢ়ক

সকলো চাওক