প্রধানমন্ত্ৰী তথা বিজেপি  নেতা নৰেন্দ্ৰ মোদীয়ে জীৱিত থকালৈকে সম্প্ৰদায়ৰ ভিত্তিত অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ অন্য বৰ্গলৈ হস্তান্তৰ হ’বলৈ নিদিয়ে

প্রধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁ জীৱিত থকালৈকে সম্প্ৰদায়ৰ ভিত্তিত অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সাংবিধানিক অধিকাৰ অন্য বৰ্গলৈ হস্তান্তৰ হ’বলৈ নিদিয়ে। তেলেংগানাৰ জহিৰাবাদ সংসদীয় সমষ্টিত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছ ভোটবেংকৰ ৰাজনীতি, তোষামোদৰ ৰাজনীতি, মিথ্যাচাৰ আৰু স্বজন তোষণৰ বাবে জনাজাত। শ্রীমোদীয়ে লগতে কয় যে দেশৰ সংবিধান তেওঁৰ বাবে ধাৰ্মিক গ্রন্থ আৰু তেওঁ সকলো উপলক্ষতে সংবিধানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে। কংগ্ৰেছ ক্ষমতালৈ আহিলে উত্তৰাধিকাৰ কৰ আৰোপ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। কংগ্ৰেছৰ শীৰ্ষ নেতাসকলৰ নাম নোলোৱাকৈ শ্রীমোদীয়ে অভিযোগ তোলে যে তেলেংগানাত আৰ আৰ কৰ প্ৰযোজ্য হৈ আছে আৰু ই ৰাজ্যখনৰ বাবে লজ্জ্বাৰ বিষয় হৈ পৰিছে। তেওঁ কয় যে পূৰ্বতে বি আৰ এছে ৰাজ্যখনত লুণ্ঠন কৰিছিল আৰু সম্প্ৰতি কংগ্ৰেছেও একে কামেই কৰি আছে। কংগ্ৰেছ আৰু বি আৰ এছ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠিৰ দৰে আৰু দুয়োটা দলে একেলগে কাম কৰি আছে বুলি শ্রীমোদীয়ে অভিযোগ উত্থাপন কৰে। ৰাজ্য চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে সহযোগিতা কৰা নাই বুলি অভিযোগ তুলি প্রধানমন্ত্রীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ছন্মক্কা আৰু ছৰলম্মা নামৰ জনজাতীয় বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে যদিও ৰাজ্য চৰকাৰে এতিয়ালৈকে ভূমিৰ আবণ্টন দিয়া নাই । শ্ৰীমোদীয়ে কালি জহিৰাবাদ আৰু মেডক লোকসভা সমষ্টিত বিজেপি প্রার্থীৰ হকে প্ৰচাৰ চলাই এইদৰে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক