ডাউনলোড
মোবাইল এপ

android apple
signal

July 12, 2024 7:54 PM

printer

প্রধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কেন্দ্ৰৰ ৩৭৮.৬৮ কোটি টকা আৱণ্টন

কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ যোগাযোগ আন্তঃগাথনি উন্নয়নৰ বাবে প্রধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৩৭৮.৬৮ কোটি টকা আৱণ্টন দিছে। এই পুঁজিৰে ৫৬৩.৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাজ্যৰ ৭৮টা পথ আৰু ১৪খন পকী দলং নিৰ্মাণ কৰা হ’ব। গ্রামোন্নয়ন মন্ত্রালয়ে মোকলাই দিয়া এই ধনৰাশিৰ ফলত ৰাজ্যৰ গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সূদৃঢ় হোৱাৰ লগতে অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনাইছে। ড° শৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰৰ এই বিনিয়োগে ৰাজ্যৰ গ্ৰাম্য অর্থনীতিক অধিক টনকিয়াল কৰিব। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক বিকাশৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে।

অধিক পঢ়ক

সকলো চাওক