May 27, 2024 12:29 PM | PM Modi Campaign

printer

প্রধানমন্ত্ৰীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে বুলি যোগী আদিত্যনাথৰ প্ৰকাশ

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কৈছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত জনসাধাৰণে এখন নতুন ভাৰতৰ উত্থানৰ সাক্ষী হৈছে। তেওঁ লগতে ভাৰত বৰ্তমান এটা মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে বুলিও উল্লেখ কৰে। মির্জাপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনুপ্রিয়া পেটেল আৰু ৰবাৰ্টগঞ্জ সংসদীয় সমষ্টিৰ প্ৰাৰ্থী ৰিংকি কোলৰ সমৰ্থনত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে, বিগত ১০ বছৰত ভাৰতে ইয়াৰ সীমান্ত অঞ্চলসমূহ সুৰক্ষিত কৰি তুলিছে আৰু উন্নয়নৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। সবকা সাথ, সবকা বিকাশ মূল মন্ত্ৰেৰে দৰিদ্ৰ লোকসকলৰ বাবে কল্যাণমূলক আঁচনি ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, শ্রীমোদীয়ে ১৪০ কোটি ভাৰতীয়ক নিজৰ পৰিয়ালৰ দৰে ভাবে আৰু প্ৰতিজন নাগৰিকৰ জীৱন সমৃদ্ধিশালী কৰি তোলাৰ বাবে চেষ্টা কৰিছে। আনহাতে মির্জাপুৰ এলেকাৰ উন্নয়নৰ সন্দৰ্ভত শ্রীআদিত্য নাথে কয় যে, মির্জাপুৰ আৰু ছোনভদ্ৰাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লগতে এই খণ্ডত অতি সোনকালেই এখন বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰ কৰিডৰৰ পুনৰ উন্নয়ন সন্দৰ্ভত যোগী আদিত্য নাথে কয় যে, এই স্থান বর্তমান সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ স্থলী হৈ পৰিছে। তেওঁ লগতে ৫০০ বছৰৰ পাছত ভগৱান ৰামক অযোধ্যাৰ মন্দিৰত প্ৰতিষ্ঠা কৰা হয় আৰু এতিয়া বিন্ধ্যাবাসিনী ধাম কৰিডৰ প্ৰকল্প সম্পূৰ্ণ হ’বলৈ গৈ আছে বুলি মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক