June 2, 2024 9:22 PM | PM Meeting

printer

প্রধানমন্ত্ৰীৰ অধ্যক্ষতাত ৰিমাল ঘূৰ্ণিবতাহৰ পৰৱৰ্তী পৰ্যায়ৰ স্থিতিৰ পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ঘূর্ণি বতাহ ৰীমালৰ পাছৰ পৰিস্থিতিৰ সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত প্রধানমন্ত্ৰী মোদীক ঘূর্ণি বতাহ ৰীমালৰ প্রভাব পৰা ৰাজ্য কেইখনত উদ্ভৱ হোৱা পৰিস্থিতিৰ সন্দৰ্ভত অৱগত কৰা হয়। বৈঠকত ৰীমালৰ ফলত অসম, মিজোৰাম, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাত বান আৰু ভূমিস্খলনৰ ফলত মৃত্যু হোৱা লোকৰ লগতে জনসাধাৰণৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সবিশেষ তথ্য অৱগত কৰোৱা হয়। প্রধানমন্ত্ৰী মোদীয়ে বৈঠকত ঘূর্ণি বতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে গৃহমন্ত্ৰ্যালয়ক ৰাজ্য কেইখনৰ পৰিস্থিতি নিয়মীয়াকৈ পৰ্যৱেক্ষণ কৰি থাকিবলৈ নিৰ্দেশ দিয়ে যাতে পুনৰ উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সাহায্য আগবঢ়াব পৰা যায় ৷ আজিৰ বৈঠকত প্রধানমন্ত্ৰীৰ প্ৰধান সচিব, কেবিনেট সচিব আৰু গৃহ সচিবকে ধৰি এন ডি আৰ এফৰ সঞ্চালক প্রধান, প্রধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে সংশ্লিষ্ট মন্ত্ৰ্যালয়ৰ বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক