ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন উপলক্ষে নেতাগৰাকীলৈ শুভেচ্ছা জনাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে কৈছে প্রধানমন্ত্ৰী মোদীয়ে তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰে দেশৰ সমৃদ্ধি আৰু মৰ্যাদা বৃদ্ধি কৰিছে। ৰাষ্ট্র প্রথম’ ভাৱনাৰে চলোৱা প্ৰধানমন্ত্ৰীৰ অভূতপূৰ্ব প্ৰয়াসে ভাৰতক উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ পথ প্রশস্ত কৰি তুলিব বুলি ৰাষ্ট্ৰপতিয়ে আশা প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দীর্ঘায়ু, সু-স্বাস্থ্য আৰু সুখী জীৱন কামনা কৰিছে। উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কয় যে শ্ৰী মোদীয়ে দুই দশকৰো অধিক সময় নিজৰ শাসনৰ জৰিয়তে আৰু একেৰাহে তৃতীয় ঐতিহাসিক কার্যকালত এক দশকৰো অধিক সময় প্রধানমন্ত্ৰী হিচাপে দেশৰ আত্মা জগাই তুলিছে, সাংস্কৃতিক প্ৰমূল্যৰাজিত উদগনি যোগাইছে, সভ্যতাগত নৈতিকতাৰ প্ৰসাৰত সহায় কৰিছে আৰু দেশক ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰত গঢ়ি তোলাৰ অভূতপূৰ্ব যাত্ৰাত দৃঢ়তাৰে আগুৱাই লৈ গৈছে। শ্রী ধনখড়ে লগতে প্রধানমন্ত্ৰীৰ সু-স্বাস্থ্য কামনা কৰে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অক্লান্ত কঠোৰ পৰিশ্ৰম, ধৈৰ্য্য আৰু দূৰদৃষ্টিৰে জনসাধাৰণৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে শ্ৰী মোদীয়ে দেশৰ গৌৰৱ-গৰিমা বৃদ্ধি কৰিছে আৰু বিশ্বত নতুন মর্যাদা প্ৰদান কৰিছে। শ্ৰী শ্বাহে প্রধানমন্ত্ৰীৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰে।
Site Admin | September 17, 2024 6:43 PM | PM Narendra Modi Birthday