কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাই বুলি স্পষ্ট কৰি দিছে। ৰাজ্যসভাত প্রশ্নকালৰ সময়ত ন্যূনতম জমাৰাশি নথকাৰ বাবে একাউণ্ট ধাৰকসকলৰ পৰা বিভিন্ন বেংকে মাছুল আদায় কৰা সন্দৰ্ভত সোধা এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে কৈছে যে, চৰকাৰে বিত্তীয় প্ৰৱঞ্চনাৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে, বিত্তীয় প্ৰৱঞ্চনা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে বিভিন্ন বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে।
Site Admin | August 6, 2024 8:28 PM | FM Nirmala Nirmala Sitaraman | Nirmala Sitaraman | Parliament Session
প্রধানমন্ত্রী জন ধন একাউণ্ট আৰু বুনিয়াদি ছেভিং বেংক একাউণ্টৰ বাবে ন্যূনতম জমাৰাশিৰ আৱশ্যকতা নাইঃ বিত্তমন্ত্ৰী সীতাৰমন
