প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিত ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে

প্রধানমন্ত্রী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ বাবে pminternship.mca.gov.in প’ৰ্টেল যোগে পঞ্জীয়নৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ২৫ অক্টোবৰত এই প্ৰক্ৰিয়াৰ সামৰণি পৰিব। ১৯৩টা কোম্পানীয়ে বর্তমানলৈকে প’ৰ্টেলটোৰ জৰিয়তে প্রায় ৯১ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ আগবঢ়াইছে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ১ লাখ ২৫ হাজাৰ ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে মুঠ ৮০০ কোটি টকা ব্যয় কৰা হ’ব। চৰকাৰে এই আঁচনিৰ অধীনত ৫ বছৰৰ বাবে ২১ৰ পৰা ২৪ বছৰ বয়সৰ ১ কোটি প্রার্থীক এবছৰৰ ইণ্টাৰ্ণশ্বিপ প্ৰদানৰ লক্ষ্য ধাৰ্য কৰিছে। এই আঁচনিৰ অধীনৰ প্ৰাৰ্থীসকলে এবছৰৰ বাবে মাহে ৫ হাজাৰ টকা বিত্তীয় সাহায্য আৰু ছহেজাৰ টকাৰ এককালীন অনুদান লাভ কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে, দেশৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৩৭ খন জিলাত তেল, গেছ আৰু শক্তি, ভ্ৰমণ আৰু আতিথ্য, যান-বাহন আৰু বেংকিং তথা বিত্তীয় সেৱাসহ ২৪টা খণ্ডত ইণ্টাৰ্ণশ্বিপৰ এই সুযোগ উপলভ্য হ’ব। এই পৰীক্ষামূলক প্ৰকল্পৰ বাবে বিগত ৩ বছৰত কোম্পানীৰ সামাজিক দায়িত্বৰ অধীনত ব্যয় কৰা গড় ধনৰ ভিত্তিত শীর্ষ কোম্পানীসমূহ বাছনি কৰা হৈছে। এই আঁচনিত কোম্পানীসমূহৰ অংশগ্রহণ স্বেচ্ছামূলক। ইয়াৰ উপৰি আঁচনিৰ প্ৰতি আগ্ৰহী অন্য কোম্পানী, বেংক অথবা বিত্তীয় প্রতিষ্ঠানে কোম্পানী পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ অনুমোদন সাপেক্ষে আঁচনিখনত অংশগ্ৰহণ কৰিব পাৰিব৷

অধিক পঢ়ক

সকলো চাওক