September 17, 2024 12:09 PM | PMAY House Allotment

printer

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন

প্রধানমন্ত্রী আবাস যোজনা গ্রামীণ আঁচনিৰ অধীনত দ্বিতীয় পৰ্যায়ত অসমলৈ অতিৰিক্ত ১ লাখ ৭১ হাজাৰ ৫৯৩টা গৃহ আৱণ্টন দিয়া হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত এই আঁচনিৰ জৰিয়তে ৰাজ্যত উন্নয়ন আৰু সমৃদ্ধিৰ দিশত আগুৱাই নিয়াৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনাইছে। ইপিনে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি এই আঁচনিৰ অধীনত প্ৰথম কিস্তিৰ ধন মুকলাই দিয়াৰ বাবে ওড়িশাৰ ভূৱনেশ্বৰত কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অসমতো এই আঁচনিৰ অধীনত পৰিয়ালসমূহলৈ গৃহমঞ্জুৰী আৰু প্ৰথম কিস্তিব ধন প্ৰদান কৰা হ’ব । আনহাতে হিতাধিকাৰী নিৰ্বাচনৰ সংশোধীত চৰ্তৰ অধীনত এই আঁচনিৰ হিতাধিকাৰী অন্তৰ্ভুক্তিৰ বাবে এটা নতুন জৰীপ সম্পন্ন কৰাৰ উদ্দেশ্যে আৱাচ প্লাছ 2024 নামেৰে এটা নতুন এপো মুকলি কৰা হ’ব। উল্লেখযোগ্য যে অসমত প্রধানমন্ত্রী আবাস যোজনা গ্রামীণৰ অধীনত চলিত বৰ্ষৰ ১৫ ছেপ্তেম্বৰ পর্যন্ত ১৯ লাখ ১৮ হাজাৰ ৭৮৭টা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে।

অধিক পঢ়ক

সকলো চাওক