প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ

প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণিলৈ ১০টা দিন বাকী থকা অৱস্থাত ৰাজ্যখনত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, ডিব্ৰুগড় সমষ্টিৰ দলৰ প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, ৰাজ্যখনৰ কেইবাগৰাকী মন্ত্রী, বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ লগতে ভালেসংখ্যক নেতাই দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাইছে। ইপিনে, যোৰহাট সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়েও প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। সৰ্বানন্দ সোনোৱালে আজি নিজ সমষ্টিৰ লাইপুলি মৰাণকাৰী গাঁও, মহাকালী চাহ বাগিচা, চানমাৰি নেপালি খেলপথাৰ, মানৱ কল্যাণ পূজা ভৱন আৰু ১৫ নম্বৰ ৱাৰ্ডত নির্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। ইপিনে কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জীতেন্দ্র সিং আলোৱাৰ আজি নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ অসমত উপস্থিত হ’ব। নেতাগৰাকীয়ে গুৱাহাটী, ডিব্ৰুগড়ৰ খোৱাং, গোলাঘাট আৰু যোৰহাটত নির্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্রহণ কৰিব। গোলাঘাট জিলাৰ মেৰাপানী অঞ্চলত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰ’জলীনা তিৰ্কীৰ হৈ তেওঁৰ লগতে সম্পাদক পৃথ্বিৰাজ সার্থে, শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু অসম কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই প্ৰচাৰ চলাব। ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যাপ্রসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। ড° শৰ্মাই দেৰগাঁৱৰ বালিজান খেলপথাৰত এখন সভাত অংশগ্ৰহণ কৰাৰ লগতে বোকাখাতৰ বিহবা বাগিচা খেলপথাৰত আন এখন সভাত ভাষণ দিব। প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ বাবে আম আদমী পাৰ্টীৰ কেন্দ্ৰীয় নেত্রী তথা দিল্লী চৰকাৰৰ মন্ত্ৰী আতিশীয়ে অসমত নির্বাচনী প্ৰচাৰ সভাত অংশ ল’ব। নেত্ৰীগৰাকীয়ে ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থী মনোজ ধানোৱাৰ আৰু ঋষিবাজ কৌন্দিন্যৰ হৈ প্ৰচাৰ চলাব। তেওঁ সোমবাৰে ডুলিয়াজানত আপৰ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলোৱাৰ লগতে বিয়লি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰিব। মঙলবাৰে তেওঁ তিনিচুকীয়াত সংবাদ প্ৰতিষ্ঠানৰ সৈতে মত বিনিময়ৰ লগতে মাৰ্ঘেৰিটাত মটৰ চাইকেল সমদল আৰু নিৰ্বাচনী সভাত অংশ ল’ব। ১০ এপ্ৰিলত তেওঁ তেজপুৰৰ প্ৰাৰ্থীগৰাকীৰ হৈ ৰোড শ্বত অংশ ল’ব। ইপিনে, বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহো হোজাই আৰু লখিমপুৰত নির্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমলৈ অহাৰ কথা। তদুপৰি বিজেপিৰ লগতে অন্যান্য দলৰ কেইবাগৰাকী শীর্ষ নেতাই পৰৱৰ্তী সময়ত প্ৰচাৰ অভিযানত অংশ ল’বলৈ ৰাজ্যলৈ আহিব বুলি জানিব পৰা গৈছে।

অধিক পঢ়ক

সকলো চাওক