September 17, 2024 12:15 PM | Mamata Benarjee

printer

প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা চাৰিটা দাবীৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা দাবী মানি লৈছেঃ মমতা বেনাৰ্জী

পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কৈছে যে প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে উত্থাপন কৰা চাৰিটা দাবীৰ ভিতৰত ৰাজ্য চৰকাৰে তিনিটা দাবী মানি লৈছে। কালিঘাটস্থিত বাসগৃহত যোৱা নিশা কনিষ্ঠ চিকিৎসকসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে চিকিৎসকসকলৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি কলকাতা আৰক্ষীৰ আয়ুক্ত বিনীত গোয়েলক অপসাৰণ কৰা হ’ব। আজি বিয়লি অধিসূচনাৰ জৰিয়তে আৰক্ষী বাহিনীত হ’বলগীয়া ৰদ-বদল কাৰ্যকৰী কৰা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে কনিষ্ঠ চিকিৎসকসকলক কর্তব্যত যোগদান কৰিবলৈ আহ্বান জনায়। ইপিনে, নিজৰ ধৰ্ণা-মঞ্চলৈ উভতি অহাৰ পাছত প্ৰতিবাদকাৰী চিকিৎসকসকলে কয় যে এই সিদ্ধান্তসমূহে তেওঁলোকৰ আন্দোলনৰ জয়ক প্ৰতিফলিত কৰিছে। অৱশ্যে আশ্বাসসমূহ বাস্তৱত ৰূপায়িত নোহোৱালৈকে তেওঁলোকে ধর্ণা-প্ৰতিবাদ আৰু কৰ্মবিৰতি অব্যাহত থাকিব বুলি প্ৰকাশ কৰে। কলকাতাৰ কনিষ্ঠ চিকিৎসকসকলে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এগৰাকী যুৱ চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰক লৈ ন্যায়ৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক