পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে পোলেণ্ড আৰু ইউক্রেইন ভ্ৰমণলৈ ৰাওনা হৈছে। আজি সন্ধিয়া শ্রীমোদী পোলেণ্ডত উপস্থিত হ’ব। তেওঁ জামছাহেব নাৱানগৰ স্মাৰক আৰু কলহাপুৰৰ মণ্টে কেছিন যুদ্ধ স্মাৰকত মাল্যাৰ্পণ কৰিব। প্রধানমন্ত্রী মোদীয়ে কৈছে যে, পোলেণ্ড হৈছে মধ্য ইউৰোপৰ অৰ্থনীতিৰ মূল চাবি কাঠি। তেওঁ কয় যে, ভাৰত আৰু পোলেণ্ডৰ মাজত গণতন্ত্ৰৰ প্ৰতি পাৰস্পৰিক দায়বদ্ধতাই দুয়োখন ৰাষ্ট্ৰৰ সম্পৰ্কৰ্ক সুদৃঢ় কৰিব। শ্রীমোদীক পোলেণ্ডৰ ৰাজধানী ৱাছত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব। প্ৰধানমন্ত্ৰীয়ে পোলেণ্ডৰ প্রধানমন্ত্রী ডনাল্ড টাস্কৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে ৰাষ্ট্ৰপতি আন্দ্রেজ ডুডাক সাক্ষাৎ কৰিব। শ্ৰীমোদীয়ে লগতে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ সদস্য, আগশাৰীৰ ব্যৱসায়ী আৰু ভাৰতীয় ইতিহাস, সাহিত্য, দৰ্শন আৰু সংস্কৃতি অধ্যয়ন কৰা বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰিব। পোলেণ্ড আৰু ইউক্রেইনলৈ আনুষ্ঠানিক ভ্ৰমণৰ পূৰ্বে তেওঁ প্ৰদান কৰা এটা বিবৃতিত কয় যে, ভাৰত আৰু পোলেও দেশ দুখনৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ বাৰ্ষিকী উদযাপন কৰাৰ সময়তে প্রধানমন্ত্রী মোদী দেশখনলৈ যাবলৈ ওলাইছে। প্রধানমন্ত্রীয়ে কয় যে, তেওঁ দুয়োখন দেশৰ অংশীদাৰিত্বক আৰু অধিক গতি দিবলৈ তেওঁৰ বন্ধু প্রধানমন্ত্রী ডনাল্ড টাস্ক আৰু ৰাষ্ট্ৰপতি আন্দ্ৰেজ ডুডাক লগ কৰিবলৈ আগ্রহী। তেওঁ কয় যে, পোলেণ্ডত থকা ভাৰতীয় সম্প্ৰদায়ৰ সদস্যসকলৰ সৈতেও তেওঁ যোগাযোগ স্থাপন কৰিব৷ প্রধানমন্ত্রী মোদীয়ে কয় যে, তেওঁ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ আমন্ত্ৰণ মৰ্মে দেশখনত উপস্থিত হ’ব। এয়া হ’ব প্ৰথমবাৰৰ বাবে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ ইউক্রেইন ভ্রমণ। তেওঁ লগতে কয় যে, ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ ক্ষেত্ৰত পূৰ্বতে হোৱা কথা বতৰাক ভিত্তি কৰি সুবিধা গ্ৰহণ কৰাৰ লগতে সংঘাতপূর্ণ দেশখনলৈ শান্তি স্থাপনৰ বাবে নিজস্ব দৃষ্টিভংগী আগবঢ়াবলৈ আগ্রহী। তেওঁ দেশখনলৈ শান্তি আৰু স্থিৰতা সোনকালে ঘূৰি আহিব বুলিও আশা প্রকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশখনলৈ তেওঁৰ এই ভ্রমণে দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাত বৰঙণি যোগাব।