পেৰুৰ লিমাৰ লাছ পালমাছ শ্বুটিং ৰেঞ্জত আজিৰ পৰা হ’বলগীয়া চলিত বৰ্ষৰ আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১ জনীয়া দলে অংশগ্ৰহণ কৰিছে। প্রতিযোগিতাৰ এই চতুর্থ সংস্কৰণত ভাৰতে ২১ বছৰ অনূৰ্ধ্ব শাখাত পিষ্টল, ৰাইফল আৰু শ্বটগান শিতানত অংশগ্রহণ কৰিব। প্ৰতিযোগিতাত অলিম্পিক আৰু নন্-অলিম্পিক দুয়োটা শাখা অন্তর্ভুক্ত হ’ব। ২০২৩ চনত প্ৰতিযোগিতাৰ চাংৱানত অনুষ্ঠিত সংস্কৰণত ভাৰতে ৬টা সোণ, ৬টা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ১৭টা পদক লাভ কৰি চীনৰ পাছতে পদক তালিকাত দ্বিতীয় স্থান লাভ কৰিছিল। যোৱা বছৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল আৰু মিক্সড টীম শিতানত সোণৰ পদক অৰ্জন কৰা অভিনৱ শ্ব’ৱে এইবেলিও প্রতিযোগিতাত ভাগ লৈছে। এইবাৰ চীনে প্রতিযোগিতালৈ মাত্ৰ ৭গৰাকী শ্বুটাৰৰ দল প্ৰেৰণ কৰাৰ বিপৰীতে ভাৰতে সর্ববৃহৎ দল প্ৰেৰণ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ৪০ গৰাকী শ্বুটাৰৰ দল প্ৰেৰণ কৰিছে। প্রতিযোগিতাত ৫১খন দেশৰ ৫৬০ গৰাকীতকৈও অধিক শ্বুটাৰে অংশগ্ৰহণ কৰিছে।
Site Admin | September 27, 2024 1:13 PM | issf shooting
পেৰুত হ’বলগীয়া আই এছ এছ এফ জুনিয়ৰ ৱৰ্ল্ড শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতৰ ৬১জনীয়া দলৰ অংশগ্ৰহণ
