ডাউনলোড
মোবাইল এপ

android apple
signal

পেৰিছ পেৰালিম্পিক ২০২৪ৰ পৰা পদক লৈ বেডমিণ্টন দলটো নতুন দিল্লীত উপস্থিত

ভাৰতীয় পেৰা বেডমিণ্টন দলটো আজি পেৰিছ পেৰালিম্পিক ২০২৪ ৰ পৰা পদক লৈ নতুন দিল্লীত উপস্থিত হৈছে। কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই ভাৰতীয় পেৰা বেডমিণ্টন দলটোক সম্বর্ধনা জনোৱাৰ লগতে তেওঁলোকৰ সফলতাৰ প্ৰশংসা কৰে। ড০ মন্দাভিয়াই কয় যে, ভাৰতে এতিয়ালৈকে ২০ টা পদক লাভ কৰি টকিঅ’ পেৰালিম্পিকত লাভ কৰা পদকৰ সংখ্যা অতিক্ৰম কৰিছে। মন্ত্ৰীগৰাকীয়ে যোৱাটো দশকত অলিম্পিক আৰু পেৰালিম্পিক দুয়োখনতে দেশৰ উন্নত প্ৰদৰ্শনৰ আলোকপাত কৰে। ড০ মন্দাভিয়াই খেলুৱৈসকলে অধিক সফলতা লাভ কৰিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে। 000 চৰকাৰে ১০০ কোটি ডলাৰৰ ৰপ্তানি ৰাজহৰ লক্ষ্যৰে গোলকীয় পৰ্যায়ত ভাৰতীয় এলকহলিক আৰু নন এলকহলিক পনীয়ৰ প্ৰসাৰৰ পৰিকল্পনা কৰিছে। কৃষি আৰু প্ৰসংস্কতি খাদ্য ৰপ্তানী উন্নয়ন প্ৰাধীকৰণে আগশাৰীৰ বিদেশী ৰাষ্ট্ৰসমূহলৈ ভাৰতীয় স্পিৰিটৰ ৰপ্তানী বৃদ্ধিৰ হকে কাম কৰি আছে। ভাৰত এলকহলিক পানীয়ৰ ৰপ্তানীৰ ক্ষেত্ৰত ৪০ সংখ্যক স্থানত আছে।

অধিক পঢ়ক

সকলো চাওক