পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতৰ নদীপ সিঙৰ পুৰুষৰ জেভলিন থ্ৰ’ত সোণৰ পদক অৰ্জন; ৰাষ্ট্ৰপতি,উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী অভিনন্দন জ্ঞাপন

পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতে কালি আৰু দুটা পদক অৰ্জন কৰে। নদীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ’ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নদীপে প্রথম স্থান লাভ কৰে। আনহাতে দৌৰবিদ চিমৰনে মহিলাৰ ২০০ মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে ৭টা সোণ, ৯টা ৰূপ আৰু ১৩টা ব্ৰঞ্জসহ মুঠ ২৯টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠদশ স্থানত আছে।

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ জেভলিন থ্ৰ’ৰ এফ-41 শিতানত সোণৰ পদক অৰ্জন কৰাৰ বাবে নদীপ সিঙক অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে সামাজিক মাধ্যম যোগে খেলুৱৈগৰাকীয়ে দেশক গৌৰাৱান্বিত কৰা বুলি প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে যে, নদীপে তেওঁৰ প্ৰদৰ্শন যথেষ্ট উন্নত কৰিছে আৰু তেওঁ যাত্ৰা অনুসৰণৰ কৰা ক্ৰীড়া প্ৰেমীসকললৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ৰাষ্ট্ৰপতি মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকৰ মহিলাৰ ২০০ মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰা চিমৰণকো অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমৰ এটা পোষ্টৰ যোগেদি কৈছে যে, চিমৰণৰ সাফল্যই উদীয়মান খেলুৱৈ বিশেষকৈ ছোৱালীসকলক অনুপ্ৰেৰণা যোগাব। চিমৰনে ভৱিষ্যতে দেশলৈ অধিক গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে তেওঁৰ বাৰ্তাত কয় যে, চিমৰণ শৰ্মাৰ কঠোৰ পৰিশ্ৰম, সংকল্প আৰু দৃঢ়তাই খেলুৱৈগৰাকীক এই অতুলনীয় মাইলৰ খুঁটিত উপনীত হোৱাত সহায় কৰিছে। তেওঁ লগতে খেলুৱৈগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে । প্রধানমন্ত্রী মোদীয়ে তেওঁৰ শুভেচ্ছা বার্তাত কয় যে, চিমৰণ শৰ্মাৰ সাফল্যই ভালেমান লোকক অনুপ্রাণিত কৰিব। তেওঁ লগতে খেলুৱৈগৰাকীক উৎকৰ্ষ সাধনৰ প্ৰচেষ্টা আৰু অতুলনীয় দক্ষতাৰ ভূয়সী প্ৰশংসা কৰে।

অধিক পঢ়ক

সকলো চাওক