পেৰিছ-পেৰালিম্পিকত ভাৰতৰ বৰ্তমানলৈকে ২৭টা পদক লাভেৰে বৰ্তমানলৈকে সৰ্বাধিক পদক লাভৰ গৌৰৱ অৰ্জন

ভাৰতে পেৰিছ-পেৰালিম্পিকত বৰ্তমানলৈকে ২৭টা পদক লাভ কৰি এতিয়ালৈ অলিম্পিকৰ একেটা সংস্কৰণতে সৰ্বাধিক পদক লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। ইয়াৰে ৬টা সোণ, ৯টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক। হাই জাম্পাৰ প্ৰবীণ কুমাৰ, টাৰ অৱনি লেখৰা, জেৱলিন গ্ল’ৱাৰ ছুমীট অণ্টিল, আৰ্চাৰ হৰবিন্দ সিং, বেডমিণ্টন তাৰকা নীতেশ কুমাৰ আৰু ক্লাৱ থ্ৰ’ৱাৰ ধৰ্মবীৰ নেইন আদিয়ে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। সোণৰ পদক বিজয়ী আৰ্চাৰ হৰবিন্দ সিং আৰু স্ত্ৰীণ্টাৰ পৃথ্বী পালে পেৰালিম্পিকত পদক লাভ কৰাৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰিছে আৰু তেওঁলোকে কাইলৈ সামৰণি উৎসৱত দেশৰ ধবজা বহন কৰিব। উল্লেখযোগ্য যে ভাৰতে ২০২০ চনত ট’কিঅ’ত অনুষ্ঠিত পেৰালিম্পিকত ৫টাকৈ সোণৰ পদক লাভ কৰিছিল। ইফালে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিচ পেৰালিম্পিকৰ পুৰুষৰ শ্বট-পুটৰ এফ-৫৭ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰা হ’কাট হ’ট’ঝে চেমাক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে খেলুৱৈগৰাকীৰ কৃতিত্বত আলোকপাত কৰি কয় যে লেওমাইন বিস্ফোৰণৰ পৰা ৰক্ষা পৰা শ্ৰীচেমাই পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এয়া জাতিৰ বাবে গৌৰৱৰ ক্ষণ বুলি অভিহিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক