September 1, 2024 12:55 PM | Peris Paralympic

printer

পেৰিছ পেৰালিম্পিকত ভাৰত আজি পুৰুষৰ শ্বটপুট, হাই জাম্পকে ধৰি  কেইটামান শিতানত পদকৰ বাবে যুঁজিব

ভাৰতে পেৰিছ পেৰালিম্পিকৰ আজি চতুর্থ দিনা কেইটামান শিতানত পদকৰ যুঁজত অৱতীৰ্ণ হ’ব। ৰবি ৰংগোলীয়ে পুৰুষৰ শ্বটপুটৰ এফ ফৰ্টি শিতানৰ ফাইনেলত দেশৰ হকে প্রতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পুৰুষৰ হাই জাম্পত টি-ফর্টি চেভেন শিতানত নিশাদ কুমাৰে পদকৰ দৌৰত অৱতীৰ্ণ হ’ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰালিম্পিকৰ মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলৰ এছ এইছ ৱান শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰুবিনা ফ্ৰান্সিছক অভিনন্দন জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যম যোগে কৈছে যে, ৰুবিনাৰ জয়ে পেৰালিম্পিকৰ শ্বুটিঙত ভাৰতৰ উন্নত প্ৰদৰ্শনৰ ধাৰা আগুৱাই নিছে আৰু দেশে এই শিতানত বৰ্তমানলৈকে চাৰিটাকৈ পদক অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। ৰুবিনাৰ সফলতাই সকলোকে বিশেষকৈ দিব্যাংগসকলক অনুপ্ৰাণিত কৰিব বুলি ৰাষ্ট্ৰপতি প্ৰকাশ কৰে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যম যোগে দিয়া এটা শুভেচ্ছা বার্তাত কয় যে, এয়া দেশৰ বাবে সঁচাকৈয়ে গৌৰৱৰ ক্ষণ। ৰুবিনাৰ অসাধাৰণ একাগ্ৰতা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে উল্লেখনীয় সফলতা কঢ়িয়াই অনা বুলি প্রধানমন্ত্ৰীয়ে মন্তব্য কৰে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াও ৰুবিনাক অভিনন্দন জনাইছে। মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত কৈছে যে, ৰুবিনাই শ্বুটিং ক্ষেত্ৰক গৌৰৱৰ ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিছে। তেওঁ লগতে কয় যে, খেলুৱৈগৰাকীৰ অনুশীলনৰ পৰা পদক জয়ৰ যাত্ৰাই সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।

অধিক পঢ়ক

সকলো চাওক