পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীৰ মত-বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে। কথোপকথনত শ্ৰী মোদীয়ে এই ক্রীড়া মহোৎসৱত পদক জয় কৰা আৰু অংশগ্ৰহণ কৰা খেলুৱৈসকলক অভিনন্দন জনায়। তেওঁ কয় যে পেৰালিম্পিয়ানসকলৰ জীৱনৰ দৃষ্টিভংগী সকলোৰে বাবে বৃহৎ শক্তি। এই আদান-প্ৰদানৰ সময়ত স্বর্ণ পদক বিজয়ী সুমিত আট্টিলে প্রধানমন্ত্রীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ এটা স্বর্ণপদক উচৰ্গা কৰে। উল্লেখযোগ্য যে ভাৰতে এইবাৰৰ পেৰালিম্পিকত ৭টা সোণ, ৯টা ৰূপ আৰু ১৩ টা ব্ৰঞ্জসহ মুঠ ২৯ টা পদক লাভ কৰি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াবলৈ সমৰ্থ হৈছে। ক্রীড়া মন্ত্ৰী মনসুখ মন্দাভিয়া আৰু ভাৰতীয় পেৰালিম্পিক কমিটীৰ অধ্যক্ষ দেৱেন্দ্ৰ ঝাঝৰিয়াও এই কথোপকথনত উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক