পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র’ত ভাৰতৰ সুমিত অন্তিলৰ নতুন অভিলেখ স্থাপনেৰে খিতাপ

ভাৰতৰ সুমিত অন্তিলে নতুন অভিলেখ স্থাপনেৰে পেৰিছ পেৰালিম্পিকছৰ জেভলিন থ্র’ত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। খেলুৱৈগৰাকীয়ে নিজৰ দ্বিতীয়টো প্ৰচেষ্টাত ৭০.৫৯ মিটাৰ দূৰত্বলৈ জেভলিন দলিয়াই কালি এই কৃতিত্ব অর্জন কৰে। একেদৰে নিতেশ কুমাৰে বেডমিণ্টনৰ পুৰুষৰ ছিংগলছৰ SL-3 শিতানত ডেনিয়েল বেটহেলক ২১-১৪, ১৮-২১, ২৩-২১ গেমত পৰাস্ত কৰি দেশৰ হকে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰে। আনহাতে পুৰুষৰ ছিংগলছৰ SL-4 শিতানত ভাৰতৰ সুহাছ য়াথীৰাজেও ৰূপৰ পদক লাভ কৰে। খেলুৱৈগৰাকী ফাইনেলত যোৱাবাৰৰ বিজয়ী লুকাছ মাজুৰৰ বিৰুদ্ধে ৯-২১, ১৩-২১ গেমত পৰাজিত হয়। ইপিনে মহিলাৰ ছিংগলছৰ SU-5 শিতানত ভাৰতৰ পেৰা শ্বাটলাৰ থুলাচিমাথি মুৰুগেছানে ৰূপৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকী ফাইনেলত চীনৰ য়াং কিউজিয়াৰ বিৰুদ্ধে পৰাজিত হয়। আন এগৰাকী ভাৰতীয় খেলুৱৈ মনিষা ৰামাদাসে মহিলাৰ ছিংগলছৰ SU-5 শিতানত ডেনমাৰ্কৰ কেথ্ৰিন ৰ’জেনগ্ৰেনক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক জয় কৰিছে। মহিলাৰ ছিংগলছৰ SH-6 শিতানত ইন্দোনেছিয়াৰ ৰীনা মাৰ্লিনাক ২১-১৪, ২১-৬ গেমত পৰাস্ত কৰি ভাৰতৰ নিত্যা শ্রীশিবানে ব্ৰঞ্জৰ পদক দখল কৰিছে। ইপিনে ভাৰতৰ শীতল দেৱী আৰু ৰাকেশ কুমাৰৰ যুটীটোৱে পেৰা আৰ্চাৰীৰ মিক্সড শিতানৰ কম্পাউণ্ডৰ দলীয় শাখাত ব্ৰঞ্জৰ পদক জয় কৰিছে। চলিত পেৰালিম্পিকছৰ পঞ্চম দিনা কালি ভাৰতৰ যোগেশ কাথুনিয়াই পুৰুষৰ ডিছকাছ থ্ৰ’ৰ F-56 শিতানৰ ফাইনেলত ৰূপৰ পদক অৰ্জন কৰে। এয়া হ’ল পেৰালিম্পিকছত খেলুৱৈগৰাকীৰ একেৰাহে দ্বিতীয়টো ৰূপৰ পদক। ভাৰত সম্প্ৰতি প্ৰতিযোগিতাত ৩টা সোণ, ৫টা ৰূপ আৰু ৭টা ব্ৰঞ্জসহ মুঠ ১৫টা পদকেৰে পদক তালিকাৰ পঞ্চদশ স্থানত আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদক বিজয়ী ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জনাইছে। প্রতিযোগিতাৰ আজি ষষ্ঠ দিনা ভাৰতীয় খেলুৱৈসকলে শ্বুটিং, আৰ্চাৰী আৰু এথলেটিকছকে ধৰি বিভিন্ন শিতানত পদক জয়ৰ যুঁজত অৱতীৰ্ণ হ’ব। শ্বুটাৰ অৱনী লেখৰাই আৰু মোনা আগৰৱালে মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছনছৰ SH-1 শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আনহাতে পূজাই মহিলাৰ ৰিকাৰ্ভ আৰ্চাৰীত পদক জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। মহিলাৰ শ্বটপুটৰ F-34 শিতানৰ ফাইনেলত ভাগ্যশ্রী যাদৱে শ্ৰেষ্ঠত্ব অৰ্জনৰ প্ৰয়াস কৰিব। একেদৰে মৰিয়াপ্পন থাংগাভেলু, শৈলেশ কুমাৰ আৰু শাৰদ কুমাৰে পুৰুষৰ হাই জাম্পৰ T-63 শিতানৰ ফাইনেলত দেশৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক