পেৰিছ অলিম্পিক আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব

পেৰিছ অলিম্পিকৰ অষ্টম দিনা আজি ভাৰতীয় এথলিটসকলে শ্বুটিং, আৰ্চাৰী, বক্সিং, নৌকা চালনা আৰু গ’ল্ফত প্রতিদ্বন্দ্বিতা আগবঢ়াব। শুটিঙত মনু ভাকৰ তৃতীয়টো পদকৰ বাবে মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানৰ ফাইনেলত অৱতীৰ্ণ হৈছিল যদিও পদক লাভত তেওঁ ব্যর্থ হয়। আজি তেওঁ চতুর্থ স্থান লাভ কৰে। ভাকৰে ইতিমধ্যে মহিলাৰ ১০ মিটাৰ পিষ্টল আৰু ১০ মিটাৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয়া শিতানত ব্ৰঞ্জৰ পদক লাভ কৰিছে। আৰ্চাৰীত দিনৰ ১ বাজি ৫২ মিনিটত দিপিকা কুমাৰী জাৰ্মানীৰ মিচেল ক্রোপেনৰ সন্মুখীন হোৱাৰ বিপৰীতে ভজন কৌৰ ইণ্ডোনেছিয়াৰ ডায়ন্দা চোইৰুনিচাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। নিশান্ত দেৱে নিশা ১২ বাজি ১৮ মিনিটত হ’বলগীয়া বক্সিঙৰ পুৰুষৰ ৭১ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত মেক্সিকোৰ অলোন্সো ৱৰ্ডে অন্বাৰ্জেৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা আগবঢ়াব। নিশান্ত এই খেলত জয়ী হ’লে এইবাৰৰ অলিম্পিকত ভাৰতৰ বাবে আৰু এটা পদক নিশ্চিত হ’ব।
নিশা চাৰে ১২ বজাত শ্বুটিঙৰ মহিলাৰ স্কীত শিতানৰ কোৱালিফিকেচন ৰাউণ্ডত ৰেইজা ধিলন আৰু মহেশ্বৰী চৌহান অৱতীৰ্ণ হ’ব। ইপিনে পুৰুষৰ স্কীত শিতানত অনন্ত জিৎ সিঙে কোৱাফিকেচন ৰাউণ্ডৰ খেলত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গল্ফত শুভাংকৰ শৰ্মা আৰু গগনজিৎ ভুল্লৰ তৃতীয় ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ’ব। একেদৰে নেথৰা কুমানন আৰু বিষ্ণু চৰৱননে ক্ৰমে মহিলা আৰু পুৰুষৰ নৌকা চালনাৰ ডিগিং শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

অধিক পঢ়ক

সকলো চাওক