পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ’বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’বলগীয়া আছিল। ভাৰতীয় অলিম্পিক সংস্থাই আজি এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যোৱা নিশা দলটোৱে সকলো প্ৰচেষ্টা গ্ৰহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ ভাগত ৫০ কিলোগ্ৰামতকৈ কেইগ্রামমান বৃদ্ধি পায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৱিনেশ ফোগতে বিশ্বৰ প্ৰথমস্থানৰ খেলুৱৈ তথা ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ চূড়ান্ত বিজয়ী জাপানৰ য়ুয়ি ছুজাকীক প্রি-কোৱাৰ্টাৰ ফাইনেলত পৰাস্ত কৰিছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা এটা সামাজিক মাধ্যমৰ বাৰ্তাযোগে ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ খবৰে তেওঁক অত্যন্ত ব্যথিত কৰি তুলিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে, এই ঘটনা সঁচাকৈয়ে পীড়াদায়ক আৰু ইয়াক প্ৰকাশ কৰিবলৈ তেওঁৰ ভাষাৰ অভাৱ হৈছে। তেওঁ কয় যে, ফোগত সঁচা অৰ্থত এগৰাকী চেম্পিয়ন আৰু তেওঁ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু অনুপ্ৰেৰণা উৎস। তেওঁ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাক খেলুৱৈগৰাকীৰ সহায়ৰ বাবে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে অৱগত হ’বলৈ আহ্বান জনাইছে। তেওঁ লগতে কয় যে, ফোগতে নিজৰ সুস্থিৰতা আৰু ধৈর্য পূৰ্বৰ দৰে বৰ্তাই ৰাখি প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ লগতে ভাৰতীয়সকলৰ বাবে সদায় আদৰ্শ হৈ আছে। মণিকা বাটা, শ্ৰীজা অকুলা আৰু অৰ্চনা কামাথক লৈ গঠিত টেবুল টেনিছ দলটো জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছে। এথলেটিকছত আব্দুল্লা নাৰাংগোলীণ্টেৱিডাই হার্ডেল, হাই জাম্প আৰু ত্ৰিপল জাম্পৰ প্ৰথম ৰাউণ্ডত খেলিব। ইপিনে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা মিৰাবাঈ চানুৱে একেৰাহে দ্বিতীয় বাৰৰ বাবে পদক জয়ৰ প্ৰয়াস চলাব । চানু নিশা ১১ বজাত মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কিলোগ্রাম ওজন শাখাত অৱতীৰ্ণ হ’ব। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘলে আজি গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান সন্দৰ্ভত আলোচনাৰ বাবে এখন বৈঠকত মিলিত হয়। এই বৈঠকত শেহতীয়া বান পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে তেওঁৰ অধীনৰ বিভাগ দুটাৰ দ্বাৰা ৰূপায়িত প্রকল্পসমূহৰ কাম-কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত মূলতঃ যোৱা সোমবাৰে অস্বাভাৱিক বৰষুণৰ ফলত হোৱা কৃত্রিম বান পৰিস্থিতি সম্পৰ্কে আলোচনা কৰি পানী জমা হোৱা অঞ্চলসমূহৰ পৰা পানী বহির্গমনৰ প্ৰযুক্তিগত উপায় সম্পর্কে বিতংকৈ আলোচনা কৰে। উল্লেখযোগ্য যে মন্ত্ৰী সিংঘলৰ নিৰ্দেশমৰ্মে নগৰ আৰু গাঁও পৰিকল্পনা সঞ্চালকালয়ৰ বিষয়াসকলে ইতিমধ্যে উপগ্ৰহীয় প্ৰযুক্তিৰে মহানগৰীৰ বান প্রবল স্পৰ্শকাতৰ অঞ্চলসমূহৰ বাট-পথ, নলা-নৰ্দমা আদিৰ জৰীপ সম্পূৰ্ণ কৰিছে। আজিৰ বৈঠকত জৰীপৰ ফলাফলসমূহ মন্ত্ৰীগৰাকীক অৱগত কৰোৱা হয়। মন্ত্রী সিংঘলে বিষয়াসকলক এই জৰীপ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিয়াৰ লগতে পানী জমা হোৱা অঞ্চলসমূহৰ পৰা তৎকালে পানী উলিয়াই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে মহানগৰীৰ বান সমস্যা সমাধান সন্দৰ্ভত একাংশ নাগৰিকে চৰকাৰলৈ আগবঢ়াই অহা মূল্যৱান দিহা-পৰামৰ্শসমূহ বিশ্লেষণৰ বাবে মন্ত্ৰীগৰাকীয়ে আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিয়ে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰীৰ সহজ গৃহ নিৰ্মাণ আঁচনি, নগৰ পৰিকল্পনা আঁচনি, গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ আদি বিষয়সমূহৰ অগ্ৰগতি চালি-জাৰি চোৱা হয়।

অধিক পঢ়ক

সকলো চাওক