পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ’বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্রতিযোগিতাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছে। অলিম্পিকৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰা দেশৰ এইগৰাকী মহিলা মল্লযোদ্ধা আজি এই প্রতিযোগিতাৰ ফাইনেলত অৱতীৰ্ণ হ’বলগীয়া আছিল।
ভাৰতীয় অলিম্পিক সংস্থাই আজি এটা বিবৃতিত প্ৰকাশ কৰা মতে এই সন্দৰ্ভত যোৱা নিশা দলটোৱে সকলো প্রচেষ্টা গ্রহণ কৰাৰ পাছতো খেলুৱৈগৰাকীৰ ওজন আজি পুৱাৰ ভাগত ৫০ কিলোগ্ৰামতকৈ কেইগ্রামমান বৃদ্ধি পায়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ৱিনেশ ফোগতে বিশ্বৰ প্ৰথমস্থানৰ খেলুৱৈ তথা ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ চূড়ান্ত বিজয়ী জাপানৰ য়ুয়ি ছুজাকীক পৰাস্ত কৰি প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হৈছিল।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এটা এটা সামাজিক মাধ্যমৰ বাৰ্তাযোগে ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ খবৰে তেওঁক অত্যন্ত ব্যথিত কৰি তুলিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে এই ঘটনা সঁচাকৈয়ে পীড়াদায়ক আৰু ইয়াক প্ৰকাশ কৰিবলৈ তেওঁৰ ভাষাৰ অভাৱ হৈছে। তেওঁ কয় যে ফোগত সঁচা অৰ্থত এগৰাকী চেম্পিয়ন আৰু তেওঁ প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু অনুপ্ৰেৰণা উৎস। তেওঁ ভাৰতীয় অলিম্পিক সংস্থাৰ অধ্যক্ষ পি টি ঊষাক খেলুৱৈগৰাকীৰ সহায়ৰ বাবে কি বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সেই বিষয়ে অৱগত হ’বলৈ আহ্বান জনাইছে। তেওঁ লগতে কয় যে ফোগতে নিজৰ সুস্থিৰতা আৰু ধৈর্য পূৰ্বৰ দৰে বৰ্তাই ৰাখি প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ লগতে ভাৰতীয়সকলৰ বাবে সদায় আদৰ্শ হৈ আছে।
মণিকা বাট্টা, শ্ৰীজা অকুলা আৰু অৰ্চনা কামাথক লৈ গঠিত টেবুল টেনিছ দলটো জাৰ্মানীৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হৈছে।
এথলেটিকছত আব্দুল্লা নাৰাংগোলীণ্টেৱিডাই হার্ডেল, হাই জাম্প আৰু ত্রিপল জাম্পৰ প্ৰথম ৰাউণ্ডত খেলিব। ইপিনে, টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক বিজেতা মিৰাবাঈ চানুৱে একেৰাহে দ্বিতীয় বাৰৰ বাবে পদক জয়ৰ প্ৰয়াস চলাব। চানু নিশা ১১ বজাত মহিলাৰ ভাৰোত্তোলনৰ ৪৯ কিলোগ্রাম ওজন শাখাত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক