August 11, 2024 7:39 PM | Paris Olympic 2024

printer

পেৰিছ অলিম্পিকৰ আজি সামৰণি

প্রায় ৩ সপ্তাহ জোৰা ৰোমান্সকৰ খেল প্রতিযোগিতাৰ অন্তত আজি নিশা আকৰ্ষণীয় সামৰণি অনুষ্ঠানেৰে পেৰিছ অলিম্পিকৰ অন্ত পৰিব। সামৰণি অনুষ্ঠান ভাৰতীয় সময় অনুসৰি নিশা চাৰে ১২ বজাত আৰম্ভ হ’ব। অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত ৮০ হাজাৰ দৰ্শক উপস্থিত থকাৰ সম্ভাৱনা আছে। সামৰণি অনুষ্ঠানত ২০২৮ চনত লজ এঞ্জেলছত হ’বলগীয়া পৰৱৰ্তী অলিম্পিক ক্রীড়া মহোৎসৱৰ আয়োজক কমিটীৰ হাতত অলিম্পিক পতাকা অৰ্পণ কৰা হ’ব। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জসহ মুঠ ৬টা পদক লাভ কৰি ৭১ সংখ্যক স্থানত আছে। মনু ভাকৰে ব্ৰঞ্জৰ পদক হস্তগত কৰি এইবাৰৰ অলিম্পিকত দেশৰ হকে প্ৰথমটো পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। ভাকৰ অলিম্পিকৰ শ্বুটিঙত পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। পাছত খেলুৱৈগৰাকীয়ে ছৰৱজোৎ সিঙৰ সৈতে ১০ মিটাৰ এয়াৰ পিষ্টলৰ মিক্সড শাখাৰ দলীয় শিতানত আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ একেটা সংস্কৰণতে দুটাকৈ পদক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে ইতিহাসত নাম লিপিবদ্ধ কৰে। স্বপনীল কুশালেই শ্বুটিঙত দেশৰ হকে তৃতীয়টো পদক জয় কৰে। ইয়াৰ পাছত ভাৰতীয় পুৰুষ হকী দলে চতুৰ্থটো ব্ৰঞ্জৰ পদক অৰ্জন কৰে। একেদৰে নীৰজ চোপ্ৰাই পুৰুষৰ জেভলিন থ্ৰ’ত ৰূপৰ পদক হস্তগত কৰে। ভাৰতৰ উদীয়মান খেলুৱৈ অমন ছেহৰাৱতে পুৰুষৰ মল্লযুদ্ধৰ ৫৭ কিলোগ্রাম ওজন শাখাত ফ্ৰী ষ্টাইল শিতানত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ পদক জয় কৰা দেশৰ কনিষ্ঠতম খেলুৱৈৰূপে পৰিগণতি হয়। চীনে ৩৯টা সোণ, ২৭টা ৰূপ আৰু ২৪টা ব্ৰঞ্জসহ মুঠ ৯০টা পদকেৰে এইবাৰৰ অলিম্পিকৰ পদক তালিকাত শীর্ষ স্থান দখল কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰই ৩৮টা সোণ, ৪২টা ৰূপ আৰু ৪২ টা ব্ৰঞ্জৰ পদককে ধৰি মুঠ ১২২টা পদকেৰে তালিকাৰ দ্বিতীয় স্থানত থাকে। অষ্ট্ৰেলিয়াই ১৮টা সোণ, ১৮টা ৰূপ আৰু ১৪টা ব্ৰঞ্জ সহ মুঠ ৫০টা পদকেৰে তৃতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়।

অধিক পঢ়ক

সকলো চাওক