পেৰিছ অলিম্পিকত ভাৰতৰ স্বপ্নীল কুশাল পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত অৱতীৰ্ণ

ভাৰতৰ স্বপ্নীল কুশালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত অৱতীৰ্ণ হ’ব। একেদৰে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা নিখাট জৰিনে মহিলাৰ বক্সিঙৰ ৫০ কিলোগ্রাম ওজন শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত এছিয়ান গেমছৰ চেম্পিয়ন ৰু য়ুৰ বিৰুদ্ধে খেলিব। খেলখন দিনৰ আঢ়ৈ বজাত অনুষ্ঠিত হ’ব। ছিট কৌৰ আৰু অঞ্জুম মুডগিলে মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানৰ যোগ্যতা নিৰূপণৰ ৰাউণ্ডৰ খেলেৰে বিয়লি চাৰে ৩ বজাত নিজৰ অভিযান আৰম্ভ কৰিব। ইপিনে, পি ভি সিন্ধু, লক্ষ্য সেন আৰু এইছ এছ প্ৰণয় বেডমিণ্টনৰ ছিংগলছত নক-আউট পৰ্যায়ৰ খেলত অৱতীৰ্ণ হ’ব। আনহাতে, সাত্বিকছাইৰাজ ৰণকীৰেড্ডী আৰু চিৰাগ চেট্টীয়ে ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দেশক প্রতিনিধিত্ব কৰিব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰা ভাৰতীয় হকী দলে দিনৰ ডেৰ বজাত পুল বিৰ এখন খেলত যোৱা বাৰৰ চেম্পিয়ন বেলজিয়ামৰ সন্মুখীন হ’ব। একেদৰে অৰ্শদীপ সিং, বিকাশ আৰু পৰমজিৎ সিঙে দিনৰ ১১ বজাত পুৰুষৰ ২০ কিলোমিটাৰ বেগাই খোজকঢ়া প্ৰতিযোগিতাৰে এথলেটিকছত ভাৰতৰ অভিযান আৰম্ভ কৰিব।

অধিক পঢ়ক

সকলো চাওক