ডাউনলোড
মোবাইল এপ

android apple
signal

পেৰিছ অলিম্পিকত ভাৰতীয় পুৰুষ হকী দলৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতীয় পুৰুষ হকী দলটোৱে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত ব্ৰিটেইনক ৪–২ গলত পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰা লাভলীনা বৰগোঁহাই পেৰিছ অলিম্পিকৰ মহিলাৰ বক্সিঙৰ ৭৫ কিলোগ্রাম ওজন শাখাত চীনৰ লী কিয়ানৰ হাতত কোৱাৰ্টাৰ ফাইনেলত পৰাজিত হয়। ইফালে, পুৰুষৰ বেডমিণ্টনৰ ছিংগলছৰ ছেমি ফাইনেলত ভাৰতৰ লক্ষ্য সেনে ডেনমার্কৰ ভিক্টৰ এক্সেলচেনৰ হাতত পৰাজয় বৰণ কৰে। সেনে কাইলৈ মালয়েছিয়াৰ লী জি জিয়াৰ বিৰুদ্ধে ব্ৰঞ্জৰ পদকৰ বাবে অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক