পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

পেৰিছ অলিম্পিকত ভাৰতীয় হকী দলটো আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ইতিমধ্যে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়লৈ উন্নীত হোৱা ভাৰতীয় দলটোৱে আজি বিয়লি ৪.৪৫ মিনিটত হ’বলগীয়া পুল মেটচত অংশগ্ৰহণ কৰিব। ভাৰতৰ হৈ শ্বুটিং, আৰ্চাৰী, বেডমিণ্টন, জুডো আৰু এথলেটিকছ শাখাত কেইবাগৰাকীও খেলুৱৈ আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। বেডমিণ্টনৰ পুৰুষৰ ছিংগলছ প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈ লক্ষ্য সেন আজি কোৱাৰ্টাৰ ফাইনেলত চীনা টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। জুডোত মহিলাৰ ৭৮ কিলোগ্রাম উৰ্ধৰ ওজন শাখাৰ এখন খেলত তুলিকা মানে কিউবাৰ ইদালিত অৰ্টিজৰ বিৰুদ্ধে অংশগ্ৰহণ কৰিব। এই ওজন শাখাৰ আন খেলসমূহৰ লগতে চুড়ান্ত খেলখনো আজিয়েই অনুষ্ঠিত হ’ব। এথলেটিকছ শিতানত পাৰুল চৌধাৰী আজি নিশা ৯ বাজি ৪০ মিনিটত মহিলাৰ পাঁচ হাজাৰ মিটাৰ ষ্টিপলচেজ দৌৰৰ যৌগ্যতা নিৰূপণ পৰ্যায়ত অৱতীৰ্ণ হ’ব। আনহাতে তেজিন্দৰ পাল সিং তুৰে নিশা ১১.৪০ মিনিটত পুৰুষৰ শটপুটৰ কোৱালিফাইং ৰাউণ্ডত প্রতিদ্বন্দ্বিতা আগবঢ়াব। একেদৰে ভাৰতীয় গলফাৰ গগনজিৎ ভুল্লৰ আৰু শুভংকৰ শৰ্মাও আজি প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে নেত্ৰ কুমানন আৰু বিষ্ণু সৰ্বানন নৌকাচালনাৰ নিজ নিজ শাখাৰ খেলত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক