পেৰিছ অলিম্পিকত ভাৰতীয় শ্বুটাৰ মানু মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত আজি ভাৰতীয় শ্বুটাৰ মানু আজি শ্বেট’ শুটিং কেন্দ্ৰত হ’বলগীয়া মহিলাৰ ১০মিটাৰ এয়াৰ ৰাইফলচৰ ফাইনেলত অৱতীৰ্ণ হ’ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ’ব পুৰুষ আৰু মহিলা উভয় শাখাৰ ১০মিটাৰ এয়াৰ ৰাইফলচত ৰমিতা জিন্দাল, এলাভেনিল ভালাৰিৱান, সনদীপ সিং আৰু অর্জুন বাবুতায়েও প্রতিযোগিতাত অৱতীৰ্ণ হ’ব। ভাৰতীয় খেলুৱৈসকলে আজি আৰ্চাৰী, টেবুল টেনিচ আৰু বেডমিন্টন প্রতিযোগিতাতো অংশ ল’ব। মহিলাৰ দলীয় আৰ্চাৰীৰ কোৱাৰ্টাৰ ফাইনেলত দীপিকা কুমাৰী, অংকিতা ভকত আৰু ভজন কৌৰে চেমি ফাইনেলত প্ৰৱেশৰ জৰিয়তে পদক তালিকাত স্থান দখলৰ চেষ্টা চলাব। মহিলাৰ একক বেডমিন্টনত পিভি সিন্ধুৱে প্ৰথমখন খেলত আজি পাকিস্তানৰ ফাতিমাথ আব্দুল ৰজ্জকৰ মুখামুখি হ’ব। পুৰুষৰ একক শাখাত এইচ এছ প্রণয়ে জাৰ্মানীৰ ফেবিয়ান ৰোথৰ বিৰুদ্ধে খেলিব। পুৰুষৰ একক শাখাৰ টেনিছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ১নম্বৰ স্থানৰ খেলুৱৈ চুমিত নাগালে ফ্ৰান্সৰ কৰেন্টিন নউটেটৰ বিৰুদ্ধে খেলিব। পুৰুষৰ ডাবলছত ৰোহন বোপান্না আৰু শ্ৰীৰাম বালাজীৰ ভাৰতীয় যুটীটোৱে ফান্সৰ গায়েল মনফিলছ আৰু এডৱাৰ্ড ৰজাৰ ভেছলনৰ বিৰুদ্ধে প্ৰথম ৰাউণ্ডত অৱতীৰ্ণ হ’ব। দুয়োখন খেল বিয়লি চাৰে তিনি বজাৰ পৰা আৰম্ভ হ’ব। পেৰিছ অলিম্পিকত ভাৰতৰ কনিষ্ঠতম খেলুৱৈ ধিনিধি ডেচিংঘুৱে আজি মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল সাতোঁৰত অৱতীৰ্ণ হ’ব। পুৰুষৰ ১০০মিটাৰ ব্ৰেভষ্টক সাতোঁৰত শ্ৰীহৰি অৱতীৰ্ণ হ’ব। মহিলাৰ ৫০কেজি শাখাৰ বস্কিঙত দুবাৰৰ বিশ্ব চেম্পিয়ন নিখাত জাৰীণে আজি খেল আৰম্ভ কৰিব। বিয়লি ৩বাজি ৫০ মিনিটত খেলুৱৈগৰাকীয়ে জাৰ্মানীৰ মেক্সী কেৰিণা ক্লৱেটজাৰৰ বিৰুদ্ধে প্রতিযোগীতাত অৱতীৰ্ণ হ’ব। মহিলাৰ একক শাখাৰ টেবুল টেনিছত শ্ৰীজা আকুলাই চুইডেনৰ খ্ৰীষ্টীনা কালবার্গ আৰু মনিকা বট্ৰাই ব্ৰিটেইনৰ আন্না হাৰছীৰ বিৰুদ্ধে খেলিব। পুৰুষৰ একক শাখাত ভাৰতৰ তাৰকা খেলুৱৈ শৰথ কমলে Sloveniaৰ ডেনি কজুল আৰু হৰমীত দেছাই ফ্ৰান্সৰ সমপৰ্যায়ৰ খেলুৱৈ ফেলিক্স লেব্ৰাণৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক

সকলো চাওক