প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ সৈতে মত বিনিময় কৰি এই দলটোৱে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি গভীৰ আস্থা প্ৰকাশ কৰে। তেওঁ কয় যে অলিম্পিক কেৱল জিকিবৰ বাবেই নহয় শিকিবলৈও এক ডাঙৰ মঞ্চ। সকলো অজুহাত তথা অভিযোগ আঁতৰাই ৰাখি আগবাঢ়ি যাবলৈ আৰু জয়ী হ’বলৈ দৃঢ় সংকল্প থাকিব লাগে। ক্ৰীড়াৰ ক্ষেত্ৰখনত অনুশীলন আৰু সময়ানুবর্তিতা গুৰুত্বৰ লগতে ভাল টোপনিৰ ওপৰতো গুৰুত্ব দিবলৈ শ্ৰীমোদীয়ে দৃঢ়তাৰে আহ্বান জনায়। তেওঁ কয় অলিম্পিক দক্ষতাৰ খেল। সেয়ে প্রতিভা, অনুশীলন আৰু সময়ানুবর্তিতাৰ ওপৰত বিশ্বাস ৰখাৰ লগতে বিজয়ৰ বাবে মনোযোগ আৰু ইতিবাচক দৃষ্টিভংগী অতি গুৰুত্বপূর্ণ। সতীর্থসকলে এইবাৰ সকলো পুৰণি অভিলেখ ভংগ কৰিব বুলি প্রধানমন্ত্ৰীগৰাকীয়ে নিশ্চিত অনুভৱ কৰে। শ্ৰীমোদীয়ে খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা কৰে আৰু দেশৰ বাবে কিবা এটা কৰাৰ এই সুযোগৰ কথা তেওঁলোকক মনত পেলাই দিয়ে। এইবাৰ চৰকাৰে ভাৰতীয় খেলুৱৈসকলৰ সংযোগ সহজ কৰি তুলিবলৈ পেৰিছত ভাৰতীয় সম্প্রদায়ক সক্রিয় কৰাৰ প্ৰয়াস কৰিছে। শ্রীমোদীয়ে কয় যে ভাৰতে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰিব বুলি আশা কৰিছে আৰু এই দিশত বিশেষকৈ আন্তঃগাঠনি উন্নয়নৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা চলাই থকা হৈছে। ইয়াৰ পূৰ্বে সামাজিক মাধ্যমৰ এটা পষ্টত শ্রীমোদীয়ে ভাৰতীয় খেলুৱৈসকলে তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি দেশক গৌৰৱান্বিত্ব কৰিব বুলি আশা প্ৰকাশ কৰে। তেওঁ কয় খেলুৱৈসকলৰ জীৱন যাত্ৰা আৰু সফলতাই ১৪০ কোটি ভাৰতীয়ক আশা প্ৰদান কৰে৷
Site Admin | July 5, 2024 6:35 PM | PM Interacted