পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত ২৪ গৰাকী সশস্ত্র বাহিনীৰ জোৱান

পেৰিছত ২৬ জুলাইত আৰম্ভ হ’বলগীয়া অলিম্পিক গেমছত অংশগ্ৰহণ কৰিবলগীয়া ১১৭ গৰাকী ভাৰতীয় এথলিটৰ মাজত সশস্ত্র বাহিনীৰ ২৪ গৰাকী জোৱানো আছে। এই ২৪ গৰাকী এথলিটৰ ২২ জনেই পুৰুষ আৰু দুগৰাকী মহিলা। তেওঁলোকৰ মাজত তাৰকা জেভেলিন খেলুৱৈ ছুবেদাৰ নীজ চোপ্ৰাও আছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, এইবাৰৰ অলিম্পিকত প্ৰথমবাৰৰ বাবে সামৰিক বাহিনীৰ দুগৰাকী মহিলা জোৱানে অংশগ্রহণ কৰিব। ছুবেদাৰ নীৰজ চোপ্ৰাই ২০২০ চনৰ টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰিছিল। এইবাৰো তেওঁ এই খিতাপ অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিব। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি ২০২২ চনৰ কমনৱেল্‌ল্থ গেমছত ব্ৰঞ্জৰ পদকপ্রাপ্ত হাবিলদাৰ জেইছমিন লাম্বৰিয়া আৰু এছিয় মল্লযুদ্ধ প্রতিযোগিতাত যোৱা বছৰ ব্ৰঞ্জৰ পদকপ্রাপ্ত ৰীতিকা হুদাই প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিব৷

অধিক পঢ়ক

সকলো চাওক