ডাউনলোড
মোবাইল এপ

android apple
signal

February 9, 2025 7:10 PM | Archery

printer

পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত ভাৰত ৰিকাৰ্ভ অ’পেন আৰু কম্পাউণ্ড অ’পেনত আৰু দুটা সোণৰ পদক লাভ

থাইলেণ্ডত চলি থকা পেৰা আৰ্চাৰী এছিয়া কাপ প্রতিযোগিতাত আজি ভাৰতে ৰিকাৰ্ভ অ’পেন আৰু কম্পাউণ্ড অ’পেনত আৰু দুটা সোণৰ পদক লাভ কৰে। ভাৰতে এতিয়ালৈকে চাৰিটা সোণ আৰু দুটা ৰূপৰ সৈতে মুঠ ছটা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ৰিকাৰ্ভ অ’পেন মিক্সড টিম ইভেণ্টত হৰবিন্দৰ সিং আৰু পূজাই ইণ্ডোনেছিয়াৰ মাহদা আউলিয়া আৰু খোলিদিনক ৫-৪ ফলাফলত পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। ইয়াৰ পূৰ্বে পুৰুষৰ ৰিকাৰ্ভ ইভেণ্টত হৰবিন্দৰে দ্বিতীয়টো সোণৰ পদক অৰ্জন কৰিছিল।  কম্পাউণ্ড অ’পেন মিক্সড টিম ইভেণ্টত ভাৰতৰ শ্যাম সুন্দৰ স্বামী আৰু সৰিতাই ইণ্ডোনেছিয়াৰ কেন স্বাগুমিলাং আৰু টিঅ’ড’ৰা অ’ডি আয়ুদিয়া ফেৰেলীৰ বিৰুদ্ধে ১৫০-১৪৮ ফলাফলত জয়লাভ পদক লাভ কৰে। কাইলৈ ব্যক্তিগত শাখাত ভাৰতীয় তিনিগৰাকীকৈ ধনুর্বিদ ফাইনেলত অৱতীৰ্ণ হ’ব।

অধিক পঢ়ক

সকলো চাওক