জম্মু-কাশ্মীৰৰ পেহেলগামৰ পৰ্যটকৰ বিচৰণস্থলী বেইচ্ৰণত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ গৰাকী পর্যটক নিহত হোৱা ঘটনা সন্দৰ্ভত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত নতুন দিল্লীৰ প্ৰধানমন্ত্রী বাসভৱনত বর্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই ঘটনাৰ তদন্ত কৰা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা-এন আই এয়ে ইতিমধ্যে পেহেলগামৰ আক্ৰমণৰ সৈতে জড়িত তিনিজন পাকিস্তানী সন্ত্রাসবাদী-আছিফ ফৌজী ওৰফে মুছা, চুলেমান শ্বাহ ওৰফে ইউনুছ আৰু আবু তালহা ওৰফে আছিফৰ ৰেখাচিত্ৰ প্ৰকাশ কৰিছে৷ ইপিনে, এই সন্ত্রাসবাদী দলটোৰ বিৰুদ্ধে সেনাবাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া দলে নিঃশ্চিদ্র অভিযান চলাই আছে। এই অভিযান সেনাবাহিনীৰ নৰ্ডাৰ্ণ কমাণ্ডৰ জি অ’ চি লেফটেনেণ্ট জেনেৰেল এম বি সুচেন্দ্ৰ কুমাৰে তদাৰক কৰি আছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম আক্ৰমণৰ সৈতে প্ৰত্যক্ষভাৱে জগৰীয়াসকলৰ বিৰুদ্ধেই নহয়, ইয়াৰ আঁৰত থাকি কাম কৰাসকলৰ বিৰুদ্ধেও ভাৰতে শীঘ্ৰেই নির্ণায়ক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। আজি নতুন দিল্লীত বায়ুসেনা বাহিনীৰ এটা অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এই দৃঢ় মন্তব্য কৰে। বাইটইয়াৰ আগতে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মুৰ বেইচ্ৰণ বনাঞ্চল ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লয়। কালি সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গক তেওঁ নিৰীহ লোকৰ প্ৰাণ কাঢ়ি লোৱা সন্ত্ৰাসবাদীসকলক কোনো কাৰণতে ৰেহাই দিয়া ন’হব বুলি আশ্বাস দিয়ে। ভাৰতে সন্ত্ৰাসবাদীৰ ওচৰত শিৰনত নকৰে বুলি তেওঁ উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে এই কাপুৰুষালিভৰা আক্ৰমণৰ সৈতে জড়িতসকলক ৰেহাই দিয়া নহ’ব। শ্ৰীশ্বাহে শ্ৰীনগৰৰ আৰক্ষী নিয়ন্ত্রণ কক্ষত নিহতসকললৈ শ্ৰদ্ধার্ঘ্য নিবেদন কৰে। তেওঁ লগতে আক্ৰমণত আহত হৈ অনন্তনাগৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ থকাসকলৰ স্বাস্থ্যৰ বুজ লয়। কালি পহলগামত সংঘটিত এই সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬গৰাকী পৰ্যটকে প্রাণ হেৰুৱাইছে। নিহতসকলৰ ভিতৰত বায়ুসেনা বাহিনীৰ কৰ্পোৰেল অৰুণাচল প্ৰদেশৰ টাগে হাইলিয়াঙো আছে। নিহত সকলৰ মৃতদেহ বিশেষ বিমানেৰে শ্ৰীনগৰৰ পৰা তেওঁলোকৰ নিজ নিজ গাঁৱলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰক্ষীয়ে তিনিজন আক্ৰমণকাৰীৰ স্কেছ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে এই আক্ৰমণৰ তদন্তত দায়িত্ব গ্ৰহণ কৰিছে।
Site Admin | April 23, 2025 7:33 PM | Akashvani | Jammu and Kashmir | NIA | pahalgam
পেহেলগামৰ আক্ৰমণৰ সৈতে জড়িত ৩ জন পাকিস্তানী সন্ত্রাসবাদীৰ ৰেখাচিত্ৰ প্ৰকাশ এন আই এৰ
