বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আয়ুষ্মমান ভাৰত আঁচনিখনক সবাতোকৈ উৎকৃষ্ট সামাজিক নিৰাপত্তামূলক আঁচনিসমূহৰ অন্যতম বুলি অভিহিত কৰিছে। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত এটা মত বিনিময় অনুষ্ঠানত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে কয় যে, এই আঁচনিৰ জৰিয়তে জনসাধাৰণৰ স্বাস্থ্য বীমা কৰা হৈছে আৰু ইয়াৰ অধীনত ৬ কোটি ৩০ লাখতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ লগতে কোনো এজন লোকৰ ব্যক্তিগত বা আর্থিক অৱস্থা নির্বিশেষে এই আঁচনিৰ অধীনত ৭০ বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী লোককে সম্প্ৰতি সামৰি লোৱা হৈছে বুলিও উল্লেখ কৰে।
ডিজিটেল আন্তঃগাঁথনিৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ভাৰতৰ নাগৰিকসকলক প্ৰদান কৰা ডিজিটেল এক্সেছৰ সুবিধা হৈছে এটা অতি শক্তিশালী মাধ্যম। তেওঁ লগতে ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে ভাৰত দ্রুতগতিত বিকশিত অর্থনীতি হিচাপে পৰিগণিত হৈছে বুলিও উল্লেখ কৰে। জনসাধাৰণক এই সুবিধা বিনামূলীয়াকৈ আগবঢ়োৱা বিষয়টোতো শ্ৰীমতী সীতাৰমণে আলোকপাত কৰে।
Site Admin | October 23, 2024 5:51 PM | FM India
পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ হুৱাৰ্টন বিজনেছ স্কুলত মত বিনিময় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
