পৃথিৱীত ক্রিউ-নাইন মিছনৰ সফল অৱতৰণৰ বাবে অক্লান্তভাৱে কাম কৰা সকলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনাইছে। প্রধানমন্ত্রীয়ে সামাজিক মাধ্যমযোগে কৈছে যে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু ক্রিউ-নাইনৰ মহাকাশচাৰীসকলে বিশ্ববাসীক প্রকৃত দৃঢ়তাৰ অৰ্থ কি, সেয়া পুনৰ দেখুৱাই দিলে। তেওঁ কয়, যে এয়া অসীম ধৈর্য, সাহস আৰু মানৱীয় ভাৱনাৰ পৰীক্ষা আছিল। অজ্ঞাত পৰিস্থিতিত মহাকাশচাৰীকেইগৰাকীয়ে দেখুওৱা অসীম দৃঢ়তাই সদায় অনুপ্ৰেৰণা যোগাই যাব বুলি প্রধানমন্ত্রীয়ে প্রকাশ কৰে। সুনীতা উইলিয়াম্ছৰ ভাৱনা আৰু প্ৰচেষ্টাৰ শলাগ লৈ শ্ৰী মোদীয়ে কয়, যে মহাকাশচাৰী গৰাকীয়ে নিজৰ কৰ্মজীৱনৰ প্ৰতিটো ক্ষণতে দৃঢ়তাৰ পৰিচয় দি আহিছে। মহাকাশ অন্বেষণ মানৱীয় সামর্থ্যৰ পৰিধি ভাঙি সপোন দেখা আৰু এই সপোনক বাস্তৱায়িত কৰাৰ সাহসৰ গাঁঠা বুলি শ্ৰী মোদীয়ে উল্লেখ কৰে।
Site Admin | March 19, 2025 5:30 PM | narendra modi | PMO India
পৃথিৱীত ক্রিউ-9 মিছনৰ সফল অৱতৰণৰ বাবে অক্লান্তভাৱে কাম কৰা সকলোকে প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন
