পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আৱণ্টন বৃদ্ধি কৰা হৈছেঃ জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে, পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত অনুসূচিত জনজাতিৰ বাবে বাজেটত বিভিন্ন দিশত ধনৰ আৱণ্টন বৃদ্ধি কৰাৰ লগতে অনুসূচিত জনজাতিৰ শিক্ষার্থীসকলক বৃত্তি প্রদান কৰা হৈছে। আজি পশ্চিমবংগৰ আৰামবাগ লোকসভা সমষ্টিৰ বিজেপি প্রার্থীৰ সমৰ্থনত হুগলীৰ পাৰচুৰাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্রীমোদীয়ে এইদৰে কয়। তেওঁ কয় যে, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ ঠাই বংগত বর্তমান তৃণমূল কংগ্ৰেছৰ শাসনত শিক্ষা ব্যৱস্থাৰ মান নিম্নগামী হৈছে। ৰাজ্যখনত সংঘটিত শিক্ষক নিযুক্তিৰ কেলেংকাৰীয়ে পশ্চিমবংগক ক্ষতি কৰিছে বুলিও প্রধানমন্ত্রীয়ে কয়। ড° বিধান চন্দ্ৰ ৰয় এই ৰাজ্যখনৰে আছিল যদিও সম্প্ৰতি ৰাজ্যখনৰ চিকিৎসা আন্তঃগাঁথনি নিম্নগামী হৈছে বুলিও শ্রীমোদীয়ে লগতে কয়। উল্লেখযোগ্য যে, শ্রীমোদীয়ে হাওৰাত আন এখন নির্বাচনী সভাতো অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ বাৰাকপুৰ লোকসভা সমষ্টিৰ জগত দল আৰু হুগলী লোকসভা সমষ্টিৰ চিনচূৰাত দুখন নির্বাচনী সভাত অংশগ্রহণ কৰে।

অধিক পঢ়ক

সকলো চাওক