পূব আফগানিস্তানৰ কুনাৰ প্ৰদেশত বানৰ ফলত কালি পর্যন্ত কমেও পাঁচগৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যখনৰ ৰাজধানী আছাদাবাদৰ লগতে আন কিছু জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানৰ সৃষ্টি হয়। দুর্যোগ ব্যৱস্থাপনা বিভাগৰ হৈ প্ৰাদেশিক পৰিচালক ইহছানুল্লাহ ইহছানে জনাইছে যে আছাদাবাদ চহৰত বানৰ ফলত শিশু- মহিলাসহ চাৰিগৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আছমাৰ জিলাত আন এগৰাকী মহিলাৰ মৃত্যু হৈছে। আফগানিস্তানৰ বতৰ বিজ্ঞান বিভাগে দুদিন পূর্বে দেশখনৰ ৩৪খন ৰাজ্যৰ ভিতৰত ২২খনতে ধাৰাসাৰ বৰষুণ, বিজুলী-ঢেৰেকনী আৰু কৃত্রিম বানৰ আশংকা প্ৰকাশ কৰিছিল।
Site Admin | July 16, 2024 1:51 PM