ডাউনলোড
মোবাইল এপ

android apple
signal

পুৰীত প্ৰভু জগন্নাথ ৰথ যাত্ৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ

ওড়িশাৰ পুৰীত প্ৰভু জগন্নাথ, বলোভদ্ৰ আৰু সুভদ্ৰা বিশ্বপ্ৰসিদ্ধ ৰথ যাত্ৰাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। অহা দেওবাৰে আৰম্ভ হ’বলগীয়া এই ব্যাপক বাৰ্ষিক উৎসৱ নিয়াৰিকৈ আৰু সফলতাৰে সম্পন্ন কৰাৰ বাবে নিৰীক্ষণ অন্তিম পৰ্যায়ত উপনীত হৈছে। দেওবাৰে উদযাপন হ’বলগীয়া উৎসৱৰ মূল কাৰ্যসূচী নৱযৌৱন দৰ্শন, নেত্ৰ উৎসৱ, গুণ্ডীচা যাত্ৰাৰ সকলো নীতি-নিয়ম সময়মতে সফলতাৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সকলো পক্ষকে সহযোগিতা আগবঢ়াবলৈ শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসনে আহ্বান জনাইছে। ওড়িশা চৰকাৰে এই উপলক্ষে অহা ৭ আৰু ৮ জুলাইত ৰাজ্যখনত দুদিনীয়া বন্ধ ঘোষণা কৰিছে। উল্লেখযোগ্য যে ৫৩ বছৰৰ পাছত এই ৰথ যাত্ৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰাৰ বাবে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱেও ৰাজ্যপাল ৰঘুবৰ দাস, মুখ্যমন্ত্ৰী মোহন চৰণ মাঝী আৰু অনান্য প্রতিনিধিসকলৰ সৈতে এইবাৰ ৰথযাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ৰথযাত্ৰাৰ সময়ছোৱাত কোনো লোককে মন্দিৰত প্ৰবেশৰ অনুমতি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰশাসনে ৰথযাত্ৰাৰ সময়ত শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে মহিলাসকলৰ বাবে প্ৰয়োজনীয় সা-সুবিধা আগবঢ়োৱাৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে ভাৰতীয় ৰে’ল বিভাগে ৰথযাত্রা উপলক্ষে পুৰী ভ্ৰমণৰ উদ্দেশ্যে ৩১৫খন বিশেষ ৰে’ল চলাচলৰ বিষয়ে ঘোষণা কৰিছে।

অধিক পঢ়ক

সকলো চাওক