পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰ

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ’লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ’বলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া এই কৃত্রিম বানৰ সমস্যা ৰোধ কৰিবলৈ হ’লে মহানগৰীখনৰ নলা-নৰ্দমাৰ ব্যৱস্থা পূৰ্বতকৈ সম্প্ৰসাৰণৰ প্ৰয়োজন হ’ব। এনে ক্ষেত্ৰত বহু অঞ্চলত উচ্ছেদৰো প্ৰয়োজন হ’ব বুলি তেওঁ কয়। তেওঁ লগতে মেঘালয়ৰ পৰা তীব্ৰবেগে নামি অহা ধলে মহানগৰীখনত বানৰ সমস্যা ব্যাপক কৰি তুলিছে বুলি উল্লেখ কৰে। মহানগৰীৰ অতিৰিক্ত পানীভাগ দীপৰ বিললৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
ইফালে, গুৱাহাটীৰ মহানগৰী আৰক্ষী বিভাগে কৃত্রিম বানৰ প্ৰতি লক্ষ্য ৰাখি বিশেষ সতর্কতা জাৰি কৰিছে। মহানগৰৰ জি এছ ৰোডৰ ৰুক্মিণীগাঁও আৰু পিবকো পইণ্ট পৰিহাৰ কৰি চলিবলৈ জনসাধাৰণৰ প্ৰতি বিশেষ নির্দেশ জাৰি কৰিছে। ইয়াৰ উপৰি জনসাধাৰণৰ সুবিধাৰ বাবে তিনিটা হেল্পলাইন নম্বৰ ০৩৬১-২৭৩০৯৮৯, ৬০২৬১-৭৬৭৫৫ আৰু ৬৯০১২-৬৯০০৬ মুকলি কৰিছে। বিয়লিৰ ভাগত হোৱা এজাক বৰষুণৰ ফলত মহানগৰৰ জুৰিপাৰ, হাতীগাঁও, ছাৰ্ভে, বেয়াৰলেছ আদি অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। ইয়াৰ উপৰি মেঘালয়ৰ পৰা নামি অহা পানীৰ ধলে উজনিৰ দিশলৈ যোৱা খানাপাৰা অঞ্চল প্লাৱিত কৰিছে। যোৰাবাটটো কৃত্রিম বানৰ ফলত উজনি অসম তথা মেঘালয়লৈ যোৱা যান-বাহনৰ যাতায়াত ব্যাহত হৈছে। ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসমকে ধৰি মেঘালয়, অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা চাৰিটা দিনত প্ৰবল বৰষুণৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

অধিক পঢ়ক

সকলো চাওক