ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধু ছিংগাপুৰ অ’পেন বি ডব্লিউ এফ ছুপাৰ ছেভেন ফিফটি বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডৰ খেলত সিন্ধুৱে বিশ্বক্ৰমৰ ২১ নম্বৰ স্থানৰ লিনে জায়েছফেল্ড ২১-১২, ২২-২০ গেমত পৰাস্ত কৰে। অৱশ্যে পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত লক্ষ্য সেন আৰু কিদাম্বি শ্রীকান্ত পৰাস্ত হয়। লক্ষ্য সেনৰ বিৰুদ্ধে বিশ্বৰ শীৰ্ষ স্থানৰ খেলুৱৈ আৰু সাম্প্ৰতিক অলিম্পিক চেম্পিয়ন ভিক্টৰ এক্সেলচেনে ১৩-২১, ২১–১৬, ১৩–২১ গেমত বিজয় সাব্যস্ত কৰে। এয়া হ’ল দুয়োগৰাকী খেলুৱৈৰ মাজত হোৱা শেহতীয়া ৮খন খেলত ভাৰতীয় খেলুৱৈগৰাকীৰ সপ্তমটো পৰাজয়। ইয়াৰ আগেয়ে বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ কিদাম্বি শ্রীকান্তে জাপানৰ কোডাই নাৰাওকাৰ বিৰুদ্ধে প্রথম ৰাউণ্ডৰ খেলৰ পৰা আঘাতৰ বাবে মাজতে আঁতৰি আহিবলগীয়া হয়।
Site Admin | May 30, 2024 5:38 PM | P V Sindhu