প্ৰেছ ইনফৰমেচন ব্যুৰ পি আই বিৰ সত্য অনুসন্ধান গোটে পি এম কুসুম যোজনাৰ অধীনত পঞ্জীয়ন মাচুল হিচাপে ৮ হাজাৰ টকা জমা কৰিবলৈ কোৱা প্ৰৱঞ্চক দল এটাৰ বিৰুদ্ধে জনসাধাৰণক সতৰ্ক কৰিছে। গোটটোৱে সদৰী কৰা অনুসৰি, পঞ্জীয়ন মাচুল জমা দিয়াৰ পাছত এই আঁচনিৰ অধীনৰ আবেদন গ্ৰহণ কৰা হ’ব বুলি উল্লেখ থকা নকল পত্ৰ জনসাধাৰণলৈ প্ৰেৰণ কৰা হৈছে। চৰকাৰে এই পত্ৰ নকল বুলি সদৰী কৰি এনেধৰণৰ সকলো দাবী অস্বীকাৰ কৰিছে। নতুন তথা নৱীকৰণযোগ্য শক্তি মন্ত্ৰ্যালয়ে পি এম কুসুম আঁচনিৰ প্ৰতি আগ্ৰহী জনসাধাৰণক ধন জমা কৰা তথা কোনো ব্যক্তিগত তথ্য প্ৰদান কৰাৰ পূৰ্বে ৱেবচাইটসমূহৰ বিশ্বাসযোগ্যতা সম্বন্ধে সুনিশ্চিত হ’বলৈ পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত সবিশেষ তথ্য তথা এই আঁচনিৰ লাভালাভ প্ৰাপ্ত হোৱাৰ বাবে প্রয়োজন হোৱা যোগ্যতা আৰু আঁচনিখন ৰূপায়ণৰ সবিশেষ মন্ত্ৰালয়ৰ ৱেবচাইট pmkusum.mnre.gov.inত উপলব্ধ বুলি সদৰী কৰা হৈছে। তদুপৰি, আগ্ৰহীসকলে ১৮০০-১৮০-৩৩৩৩ টোল ফ্রি নম্বৰত ফোন কৰি সবিশেষ জানিব পাৰিব ।
Site Admin | September 8, 2024 8:34 PM | PMKUSUM