পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত পৰৱৰ্তী ২-৩ বছৰৰ ভিতৰত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা কৰিছে বুলি খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্রী ছিৰাগ পাছোৱানে প্রকাশ কৰিছে। চুইজাৰলেণ্ডৰ ডাভ’ ছত অনুষ্ঠিত বিশ্ব অর্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত অংশ লোৱাৰ সময়তে কোম্পানীটোৰ সৈতে অনুষ্ঠিত আলোচনাৰ পাছত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে খাদ্য প্ৰসংস্কৰণ উদ্যোগৰ ক্ষেত্ৰখনত এয়া এটা ঐতিহাসিক পদক্ষেপ হিচাপে পৰিগণিত হৈছে।ইয়াৰ ফলত নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়ৰ সূচনা হ’ব বুলি তেওঁ উল্লেখ কৰে। কোম্পানীটোৱে ভাৰতত বিনিয়োগৰ বাবে লোৱা এই সিদ্ধান্তই দেশখনত সুযোগ সুবিধাৰ বিকাশ আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে ভাৰতক আস্থাত ল’বলৈ আৰম্ভ কৰাৰ কথাটোকে প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয়, যে বিগত কিছু বছৰ ধৰি বিকাশ কৰা দেশৰ আন্তঃগাঁথনিয়ে ভাৰতৰ প্ৰতি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ আস্থা বৃদ্ধি কৰিছে আৰু সেয়েহে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহ দেশখনত বিনিয়োগৰ প্ৰতি আগ্ৰহী হৈছে। শ্রীপাছোৱানে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নীতি প্রণয়নৰ ক্ষেত্ৰত অত্যন্ত স্পষ্ট হোৱা হেতুকে একেটা স্থানতে সকলো ধৰণৰ অনুমোদনৰ বাবে ছিংগল উইন্দো ক্লিয়াৰেঞ্চ ব্যৱস্থা আৰু ব্যৱসায়িক সূচলতাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে আৰু এনে পদক্ষেপে বিনিয়োগকাৰীসকলক উৎসাহিত কৰিছে। মন্ত্ৰীগৰাকীয়ে লগতে চি পি গোটৰ অধ্যক্ষ ক্রিছ চুপাকিজ চিয়েৰাভানন্তৰ সৈতে খাদ্য প্ৰসংস্কৰণ ক্ষেত্ৰৰ মূল্য সংযোজন সুযোগৰ বিষয়েও আলোচনা কৰে। ক’কা-ক’লা কোম্পানীৰ মুখ্য পৰিচালন বিষয়া হেনৰিক বাউনৰ সৈতেও তেওঁ মত বিনিময় কৰে। শ্ৰীপাছোৱানে কালি ডাভ’ছত ভাৰতীয় মণ্ডপ মুকলি কৰে ।
Site Admin | January 22, 2025 3:12 PM | Business | Company | India
পানীয় প্রস্তুতকাৰী কোম্পানী AB InBev ভাৰতৰ বিভিন্ন প্ৰান্তত ২৫ কোটি ডলাৰ বিনিয়োগৰ কথা ঘোষণা
