বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কালি অধিৱেশনৰ বিতং কাৰ্যসূচী ঘোষণা কৰে। কাইলৈ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ’ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্রজ্বলন কৰিব। পুৱা ৯ বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ভট্টদেৱ ক্ষেত্ৰ মুকলি কৰিব।
সাহিত্য সভাৰ অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত বৰ অসমৰ আৰ্হিৰ প্ৰতিফলন ঘটোৱাৰ প্ৰয়াস কৰা হ’ব। দুখন বাহনত প্ৰতীকি ৰূপত বজালীৰ ঐতিহাসিক ডুবি দেৱালয়, ভোগেশ্বৰী মন্দিৰ আৰু এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ জালিখাটাৰ বটগছৰ লগতে অসমৰ ভিন্ন কলা-সংস্কৃতি আটকধুনীয়া ৰূপত তুলি ধৰা হ’ব। এই ব্যতিক্রমী সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে শিল্পীসকল অহৰহ ব্যস্ত হৈ আছে। সাহিত্য সভাৰ অধিৱেশন এইবেলি প্ৰথমবাৰলৈ বাটৰ কবিতাৰ আয়োজন কৰা হৈছে। একেদৰে এইবাৰৰ অধিৱেশনত বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ দিহা কৰা হৈছে। বজালীৰ উৎপাদিত সামগ্ৰী খাদ্য সম্ভাৰেৰে বজালী হাটৰো ব্যৱস্থা কৰা হৈছে। অধিৱেশনথলীত ৭৭ বর্গ ফুটৰ বৃহৎ জাপি সাজি উলিওৱা হৈছে। অধিৱেশনৰ লগত সংগতি ৰাখি আজি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয় আৰু কেইবাগৰাকী ব্যৱসায়ীয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক আর্থিক বৰঙণিৰ চেক প্ৰদান কৰে।