পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে আজি বজালী জিলাৰ পাটাছাৰকুছিত এক কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ আৱাসিক গৃহ, পাঠশালা হাইস্কুলৰ শ্ৰেণীকোঠা, ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে। মন্ত্ৰী শ্ৰী দাসে লগতে শ্বহীদ অক্ষেন্দ্র উচ্চ মাধ্যমিক বিদ্যালয়, ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাটাছাৰকুছি হাইস্কুলত ডিজিটেল পুথিভঁৰাল উদ্বোধন কৰে।
Site Admin | August 31, 2024 6:18 PM | Assam Minister | Ranjit das
পাটাছাৰকুছিত ১ কোটি ৩৯ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৬টাকৈ উন্নয়নমূলক কামৰ উদ্বোধন মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ
