ডাউনলোড
মোবাইল এপ

android apple
signal

December 28, 2024 9:53 PM

printer

পাকিস্তান আৰু আফগানিস্তানৰ সীমান্ত চকীত হোৱা সংঘৰ্ষত কমেও ১৯ জন পাকিস্তানী সৈনিক আৰু ৩জন আফগান নাগৰিকৰ মৃত্যু

পাকিস্তান আৰু আফগানিস্তানৰ সীমা সুৰক্ষা বাহিনীৰ মাজত সীমান্ত চকীত আজি হোৱা সংঘৰ্ষত কমেও ১৯ জন পাকিস্তানী সৈনিক আৰু তিনিজন আফগান নাগৰিকে প্ৰাণ হেৰুৱায়। পাকিস্তান সীমান্তৱৰ্তী আফগানিস্তানৰ খোষ্ট আৰু পক্তিকা প্ৰদেশত এতিয়াও সংঘর্ষ অব্যাহত আছে বুলি জানিব পৰা গৈছে। প্রাপ্ত বাতৰি মতে, আফগানিস্তানত সীমা সুৰক্ষা বাহিনীয়ে পাকিস্তানৰ কেইবাটাও সামৰিক চকীত অগ্নি সংযোগ কৰিছে। দণ্ড এ পাতন জিলাত পাকিস্তানী সৈনিকে নিক্ষেপ কৰা মৰ্টাৰৰ আঘাতত তিনিজন আফগান নাগৰিক নিহত হৈছে। পাকিস্তানী সৈন্যবাহিনীয়ে মঙলবাৰে নিশা পক্তিকা প্রদেশত চলোৱা বিমান আক্ৰমণত মহিলা-শিশুসহ ৫১ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ পাছত দুয়ো দেশৰ সীমান্ত সুৰক্ষা বাহিনীৰ মাজত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছে।

অধিক পঢ়ক

সকলো চাওক