পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে’ল ষ্টেচনত কালি হোৱা বোমা বিস্ফোৰণত কমেও ২৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ৫০ জন আহত হয়। বেলুচিস্তান লিবাৰেছন আর্মী নামৰ বিচ্ছিন্নতাবাদী গোটে এখন ৰে’লগাড়ী কৱেটা ষ্টেচনৰ পৰা পেছাৱৰ অভিমুখে ৰাওনা হ’বলৈ ওলোৱাৰ সময়ত সংঘটিত এই আত্মঘাটী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। গোটটোৱে কৈছে যে, প্রশিক্ষণ সম্পূৰ্ণ কৰি কৱেটাৰ পৰা উভতি যাবলৈ ওলোৱা পাকিস্তানী সামৰিক বাহিনীৰ এটা দলক লক্ষ্য কৰি তেওঁলোকে এই বিস্ফোৰণ সংঘটিত কৰে। আৰক্ষীয়ে নিহত লোকসকলৰ ভিতৰত ১৪ গৰাকী সৈনিক আছে বুলি নিশ্চিত কৰিছে। শেহতীয়াকৈ বেলুচিস্তান প্ৰদেশত স্বাধীনতা আৰু স্থানীয় সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ দাবীত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে।
Site Admin | November 10, 2024 12:05 PM | Pakistan Bomb Blust